ইণ্টাৰনেশ্যনেল ডেস্ক,17 ডিচেম্বৰ : টুইটাৰযোগে ক’ভিড-19ৰ ভেকচিন সন্দৰ্ভত প্ৰচাৰ কৰা সকলো ভুৱা তথ্য টুইটাৰ চাইটৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এপটোৰ কৰ্তৃপক্ষই ৷
টুইটাৰত ক’ভিড মহামাৰী ভুৱা বুলি প্ৰচাৰ হোৱা বাতৰিও চাইটৰ পৰা আঁতৰোৱা হ’ব ৷ এই ভুৱা তথ্যই মানুহক ক্ষতি কৰিব পাৰে বুলি টুইটাৰ কৰ্তৃপক্ষই সদৰি কৰে ৷
বুধবাৰে এক ব্লগপ’ষ্টযোগে টুইটাৰ কৰ্তৃপক্ষই কয় যে, আগন্তুক সপ্তাহত টুইটাৰ এপ সন্দৰ্ভত নতুন কিছুমান নীতি নিৰ্ধাৰণ কৰা হ’ব ৷ যদি টুইটাৰ একাউণ্টৰ গৰাকীয়ে হিংসাত্মক টুইট প্ৰচাৰ কৰে, তেন্তে দ্বিতীয়টো টুইট কৰাৰ পূৰ্বে কৰ্তৃপক্ষই পূৰ্বৰ টুইটটো আঁতৰাই পেলাব ৷