ইন্টাৰনেশ্যনেল ডেস্ক, 5 জানুৱাৰীঃনতুন দিল্লীৰ কূটাঘাতৰ আঁৰত তেহৰানৰ হাত আছে বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে মন্তব্য কৰিলেও ভাৰত আৰু ইৰাণৰ সম্পৰ্কত ব্যাঘাত নজন্মে বুলি মন্তব্য কৰে ইৰাণৰ মন্ত্ৰী মহছিন জাৱাদিয়ে ৷ উল্লেখ্য যে, নতুন দিল্লীত সংঘটিত হোৱা কূটাঘাতমূলক কাৰ্যৰ সৈতে ইৰানীয়ান জেনেৰেল কাছেম ছোলেইমানি জড়িত আছিল বুলি মন্তব্য কৰিছিল ট্ৰাম্পে ৷
লগতে পঢ়কঃ ভাৰতটো সন্ত্ৰাসৰ ঘাটি পাতিছিল কাছেম চুলেইমানিয়ে
ট্ৰাম্পে এই দাবী কৰাৰ পাচতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি জাৱাদিয়ে কৈছিল, "ভাৰত আৰু ইৰাণে শক্তিশালী সম্পৰ্ক আৰু পৰিপক্ক বন্ধুত্ব শ্বেয়াৰ কৰে, এই সম্পৰ্ক সকলোবোৰ অভিযোগৰ উৰ্দ্ধত ৷ এনে মন্তব্য কৰিলে দুই দেশৰ দ্বিপাক্ষিক সম্পৰ্কত কোনো প্ৰভাৱ নপৰে বুলি মই ভাৱো ৷"
লগতে পঢ়কঃ আমেৰিকাৰ ওপৰত ইৰাণৰ চাইবাৰ আক্ৰমণৰ আশংকা?
বাগদাদত এয়াৰ ষ্ট্ৰাইক কৰাৰ পাচতে ট্ৰাম্পে নিজৰ বিবৃতিত প্ৰকাশ কৰিছিল যে, ইৰানীয়ান জেনেৰেল কাছেম ছোলেইমানিৰ নেতৃত্বত নতুন দিল্লী আৰু লণ্ডনত কূটাঘাত সংঘটিত হৈ আহিছিল ৷