নিউজ ডেস্ক, 23 ফেব্ৰুৱাৰীঃবিগত কেইবা মাহ ধৰি ম'টেৰা ষ্টেডিয়াম বিভিন্ন কাৰণত চৰ্চিত হৈ আছে ৷ এইখন পৃথিৱীৰ আটাইতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়াম ৷ সোমবাৰে ভাৰত যাত্ৰাৰ বাবে আহিবলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে আহমেদাবাদস্থিত ম'টেৰা ষ্টেডিয়াম উদ্বোধন কৰিব ৷
ম'টেৰা ষ্টেডিয়ামত 1 লাখ 10 হাজাৰ লোক বহিব পৰা ব্যৱস্থা আছে ৷ এই ষ্টেডিয়াম 2015 চনৰে পৰা নিৰ্মামৰত অৱস্থাত আছে আৰু ইয়াৰ নিৰ্মাণত 100 মিলিয়ন আমেৰিকান ডলাৰ ব্যয় কৰা হৈছে ৷ এই ষ্টেডিয়াম তিনিটা প্ৰবেশ পইন্টৰ লগতে 63 একৰ ভূমি আগুৰি আছে ৷