অসম

assam

ETV Bharat / international

পাকিস্তানত গ্ৰেপ্তাৰ ২৬/১১ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড জাকিৰ-উৰ-ৰহমান লাখৱী - জাকিৰ-উৰ-ৰহমান লাখৱী

২০০৮ চনৰ ২৬ নৱেম্বৰ । ভাৰতৰ ইতিহাসৰ এটা ক'লা দিন । মুম্বাইত সন্ত্ৰাসবাদীয়ে কৰা আক্ৰমণে কঁপাইছিল সমগ্ৰ দেশ । শনিবাৰে পাকিস্তানত গ্ৰেপ্তাৰ হ'ল মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড জাকিৰ-উৰ-ৰহমান লাখৱী ।

পাকিস্তানত গ্ৰেপ্তাৰ ২৬/১১ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড জাকিৰ-উৰ-ৰহমান লাখৱী
পাকিস্তানত গ্ৰেপ্তাৰ ২৬/১১ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড জাকিৰ-উৰ-ৰহমান লাখৱী

By

Published : Jan 2, 2021, 9:22 PM IST

ইণ্টাৰনেশ্যনেল ডেস্ক, ২ জানুৱাৰী: অৱশেষত গ্ৰেপ্তাৰ হ'ল ২৬/১১ৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড, লস্কৰ-ই-তৈবাৰ অপাৰেছন কামাণ্ডাৰ জাকিৰ-উৰ-ৰহমান লাখৱী । চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, শনিবাৰে পাকিস্তানত জাকিৰ-উৰ-ৰহমান লাখৱীক গ্ৰেপ্তাৰ কৰা হয় । পূৰ্বে সন্ত্ৰাসবাদ প্ৰতিৰোধ বিভাগে লাখৱীক মুম্বাই আক্ৰমণৰ ঘটনাৰে জড়িত থকাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল যদিও ২০১৫ চনত জামিন লাভ কৰে ।

সন্ত্ৰাসবাদ প্ৰতিৰোধ বিভাগে শনিবাৰে পুনৰ লাখৱীক গ্ৰেপ্তাৰ কৰে যদিও গ্ৰেপ্তাৰ কৰা স্থান সমন্ধে তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে । পঞ্জাৱৰ সন্ত্ৰাসবাদ প্ৰতিৰোধ বিভাগে অভিযান চলাই সন্ত্ৰাসবাদীক ধন যোগান ধৰাৰ অভিযোগত জাকিৰ-উৰ-ৰহমান লাখৱী গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে, ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মাষ্টাৰমাইণ্ড আছিল জাকিৰ-উৰ-ৰহমান লাখৱী । এই আক্ৰমণত প্ৰায় ১৬৬ গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ উপৰিও ৩০০ জন লোক আহত হৈছিল । লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদীয়ে নিৰীহ লোকৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা কৰিছিল ।

লগতে পঢ়ক:শনিবাৰে পুৱা দিল্লীৰ বিভিন্ন স্থানত পাতলীয়া বৰষুণ

ABOUT THE AUTHOR

...view details