অসম

assam

By

Published : Oct 16, 2021, 1:40 PM IST

ETV Bharat / international

প্ৰকৃতিৰ ৰোষত ইণ্ডোনেছিয়া, ভূমিকম্পই প্ৰাণ কাঢ়িলে ৩ জনৰ

শনিবাৰে ৪.৮ প্ৰাবল্যৰ ভূমিকম্প(Earthquake)ই জোকাৰি গ'ল ইণ্ডোনেছিয়াৰ বালি(Bali) এলেকা । ভূমিকম্পই প্ৰাণ কাঢ়িলে ৩ জন লোকৰ । ৭ জন লোক গুৰুতৰভাৱে আহত ।

Earthquake in Bali
৪.৮ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰি গ'ল ইণ্ডোনেছিয়াৰ বালি

ইণ্টাৰনেশ্যনেল ডেস্ক, ১৬ অক্টোবৰ: ইণ্ডোনেছিয়াৰ দ্বীপ বালিত প্ৰকৃতিৰ কালৰূপ । শনিবাৰে পুৱা দুটাকৈ ভূমিকম্প(Earthquake)ই জোকাৰি গ'ল বালি(Bali) । ফলত ঠায়ে ঠায়ে ভূমিস্খলন হয় আৰু বাসগৃহৰো ক্ষতিসাধন হয় । এতিয়ালৈকে বালিত ৩ গৰাকী লোকৰ মৃত্যু হৈছে । আনহাতে, ৭ গৰাকী লোক আহত হৈছে ।

ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ পাচতে আতংকিত হৈ পৰে বালিৰ বাসিন্দাসকল । ক'ভিড-১৯ৰ সংক্ৰমণ হ্ৰাস পোৱাৰ পাচত বিদেশী পৰ্যটকৰ বাবে মুকলি কৰি দিয়া হৈছিল দ্বীপটোৰ পৰ্যটনস্থলীবোৰ । কিন্তু মুকলি কৰাৰ মাত্ৰ দুদিন পাচতে ভূমিকম্পৰ জোকাৰণি অনুভূত হয় । আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূ-তাত্বিক জৰীপে জনায় যে, ৪.৮ প্ৰাবল্যৰ ভূমিকম্পৰ অভিকেন্দ্ৰ বালিৰ চিংগাৰাজাৰ উত্তৰ-পূৱ দিশত ৬২ কিলোমিটাৰ আছিল ।

আনহাতে, গভীৰতা আছিল ১০ কিলোমিটাৰ । ৪.৮ প্ৰাবল্যৰ ভূমিকম্পৰ পাচতে ৪.৩ প্ৰাবল্যৰ আন এটা ভূমিকম্পৰ জোকাৰণিও অনুভূত হয় । ভূমিকম্পৰ ফলত এখন পাহাৰীয়া জিলাত ভূমিস্খলন হয় ।

ফলত দুজন লোকৰ মৃত্যু হয় আৰু লগতে তিনিখন গাঁৱলৈ যোৱাৰ পথো বন্ধ হৈ পৰে । এগৰাকী বিষয়াই জনোৱা মতে, ভূমিকম্পৰ অভিকেন্দ্ৰৰ সমীপৰ কাৰাংগাচেম অঞ্চলত বাসগৃহ আৰু মন্দিৰৰ যথেষ্ট ক্ষতিসাধন হয় । আনহাতে, ধ্বংসাৱশেষ খহি পৰি এটি তিনি বছৰীয়া কণমানিৰ মৃত্যু হয় ।

"দেৱতাৰ দ্বীপ" বুলি খ্যাত বালিত মূলতঃ চাৰি নিযুতৰো অধিক হিন্দু লোক বাস কৰে । বিভিন্ন দেৱ-দেৱীৰ মন্দিৰ, সুন্দৰ বগা বালিৰ সমুদ্ৰতীৰ আদিৰ বাবে বালি বিখ্যাত । আনহাতে, আগ্নেয়গিৰি, ভূমিকম্প, চুনামি আদিয়ে ইণ্ডোনেছিয়াত প্ৰায়ে ভয়াৱহ পৰিৱেশৰ সৃষ্টি কৰে ।

লগতে পঢ়ক: জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ জালত লস্কৰ-ই-তৈবাৰ কমাণ্ডাৰ

ABOUT THE AUTHOR

...view details