অসম

assam

ETV Bharat / international

দেশত কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 415 লৈ বৃদ্ধি - The number of coronavirus cases in India rose to 415 on Monday

সমগ্ৰ বিশ্বতে কালৰূপ ধাৰণ কৰা Covid-19ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে 14,703 গৰাকী ব্যক্তি ৷ বিশ্বৰ আন আন ৰাষ্ট্ৰসমূহৰ তুলনাত ইটালীত অভাৱনীয় হাৰত বৃদ্ধি পাইছে এই ভাইৰাছত আক্ৰান্ত তথা মৃতকৰ সংখ্যা ৷ সমান্তৰালভাৱে ভাৰততো 415 লৈ বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা৷

COVID 19 India tracker
দেশত কৰ'ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা 415 লৈ বৃদ্ধি

By

Published : Mar 23, 2020, 1:52 PM IST

নেশ্যনেল ডেক্স, 23 মাৰ্চঃ সমগ্ৰ বিশ্বতে দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৷ বৰ্তমানলৈ 3,39,341 গৰাকী ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে মৃত্যুৰ সংখ্যা 14,703 জনলৈ বৃদ্ধি পাইছে ৷ লগতে, আৰোগ্য হৈছে 99,014 গৰাকী লোক ৷

আনহাতে, Covid 19ৰ আৰম্ভণি হোৱা চীনত এইপৰ্যন্ত এই ভাইৰাছত আক্ৰান্ত হৈছে 81,093 গৰাকী লোক ৷ লগতে, এই মহামাৰীত 3,270 গৰাকী লোক মৃত্যুমুখত পৰিছে ৷ আনহাতে, স্পেইনত 1,772 আৰু ইৰাণত 1,685 গৰাকী লোকৰ মৃত্যু হৈছে ৷

ইফালে,চীনক অতিক্ৰম কৰি ইটালীত মৃতকৰ সংখ্যা 5, 476 জনলৈ বৃদ্ধি পাইছে ৷ দেশখনত নতুনকৈ 5,560 গৰাকী ব্যক্তি এই ভাইৰাছত আক্ৰান্ত হৈ মুঠ আক্ৰান্ত হোৱা লোকৰ সংখ্যা 59,138 লৈ বৃদ্ধি হৈছে ৷

আমেৰিকা যুক্তৰাষ্ট্ৰতো শেহতীয়াকৈ কৰুণা ভাইৰাছত আক্ৰান্ত হৈ 24 ঘন্টাত মৃত্যু হৈছে প্ৰায় 100 জন লোকৰ ৷ AFP নিউজ এজেন্সিত প্ৰকাশ পাইছে এই তথ্য ৷

ইয়াৰোপৰি, পাকিস্তানত কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে প্ৰায় 800 গৰাকী লোক ৷ লগতে, দেশখনত এইপৰ্যন্ত এই মহামাৰীত মৃত্যু হৈছে 5 গৰাকী ব্যক্তি ৷ বৰ্তমানলৈ বিশ্বজুৰি 192 খন ৰাষ্ট্ৰৰ লোক এই ভাইৰাচত আক্ৰান্ত হৈছে ৷

বিশ্বৰ অন্য দেশৰ সমান্তৰালকৈ ভাৰততো বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ এইপৰ্যন্ত 415 জনলৈ বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা ৷ আনহাতে, এই মহামাৰীত 7 জনকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আৰোগ্য হৈছে 24 গৰাকী লোক ৷

সমগ্ৰ দেশৰ ভিতৰত কৰ'ণা ভাইৰাছত আক্ৰান্ত ব্যক্তিৰ সংখ্যা মহাৰাষ্ট্ৰত সৰ্বাধিক ৷ এইপৰ্যন্ত ৰাজ্যখনত 74 গৰাকী লোক এই ভাইৰাছত আক্ৰান্ত হৈছে ৷ সমান্তৰালভাৱে,কেৰালাত 52,দিল্লীত 30,উত্তৰ প্ৰদেশত 23,কৰ্ণাটকত 26 গৰাকী লোক আক্ৰান্ত হৈছে এই ভাইৰাছত ৷

উল্লেখ্য যে,সমগ্ৰ দেশত ক্ৰমাৎ বৃদ্ধি পোৱা Covid-19 ৰ প্ৰাদুৰ্ভাৱৰ বাবে দেশৰ 23 খন ৰাজ্যৰ প্ৰায় 75 খনৰো অধিক জিলাত লক ডাউন ঘোষণা কৰা হৈছে ৷ 31 মাৰ্চলৈ কেৱল জৰুৰীকালীন সেৱাহে উপলব্ধ থাকিব এই ৰাজ্যসমূহত ৷ কৰ’ণা ভাইৰাছ সম্প্ৰসাৰণ ৰোধ কৰিবলৈ গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা ৷

ইফালে, লক ডাউনক লৈ এতিয়াও বহু লোক সতৰ্ক নহয় বুলি টুইটাৰযোগে উল্লেখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। "অনুগ্ৰহ কৰি সকলো লোক এই ভয়াৱহতাক লৈ সতৰ্ক হওঁক । নিজৰ লগতে পৰিয়ালৰ লোককো ৰক্ষা কৰক । লগতে চৰকাৰৰ নিৰ্দেশনাসমূহ সকলোৱে মানি চলক " বুলি টুইটাৰযোগে দেশবাসীক আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

লগতে চাওকঃ কৰ'ণা সন্ত্ৰাস আৰু এগৰাকী মন্ত্ৰী

ABOUT THE AUTHOR

...view details