ইন্টাৰনেশ্যনেল ডেস্ক, 18 আগষ্ট : তালিবানৰ আফগানিস্তানৰ গাদী দখলৰ পিছতে তেওঁলোকৰ প্ৰতিটো কাৰ্যকলাপ সমগ্ৰ বিশ্বই সূক্ষ্মভাৱে নিৰীক্ষণ কৰিছে ৷ তালিবানী নেতাসকলেও তেওঁলোকৰ পূৰ্বৰ চৰিত্ৰ সলনি কৰা বুলি বাৰে বাৰে কৈ আছে ৷ তালিবানে তেওঁলোকৰ বিৰোধীতা কৰা সকলৰ ওপৰতো কোনোধৰণৰ প্ৰতিশোধ নলয় বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৷
কিন্তু সংগঠনটোৰ এইসমূহ কাৰ্যই যেন মচিব পৰা নাই তেওঁলোকৰ ক’লা অধ্যায়ক ৷ প্ৰতিশ্ৰুতিবোৰে আস্বস্ত কৰিব পৰা নাই সাধাৰণ জনতাক ৷ তালিবানৰ পুনৰুত্থানে যিদৰে শংকিত কৰিছে দেশখনৰ নাগৰিকসকলক, বিশেষকৈ মহিলাসকলক ; সিমানেই শংকিত হৈ পৰিছে আফগানিস্তানৰ এটা বিশেষ সম্প্ৰদায়ৰ লোক ৷ এই সম্প্ৰদায়টো হ’ল হাজাৰা সম্প্ৰদায় ৷
ইতিমধ্যে এই সম্প্ৰদায়টোৰ এগৰাকী নেতাৰ প্ৰতিমূৰ্তি তালিবানী যোদ্ধাই ধ্বংস কৰাৰ ছবি সামাজিক মাধ্যমত বিয়পি পৰিছে ৷ এই প্ৰতিমূৰ্তিটো আছিল হাজাৰা সম্প্ৰদায়ৰ নেতা আব্দুল আলী মাজাৰীৰ ৷
মাজাৰী আছিল আফগানিস্তানৰ থলুৱা সংখ্যালঘু সম্প্ৰদায়ৰ এগৰাকী নেতা ৷ তেওঁক চুন্নী তালিবানৰ পূৰ্বৰ শাসনকালত 1996 চনত হত্যা কৰা হৈছিল ৷ এই প্ৰতিমূৰ্তিটো আছিল চেন্ট্ৰেল বাময়ান প্ৰদেশত, য’ত 2001 চনত তালিবানে প্ৰায় 1,500 বছৰ পুৰণি পাহাৰত খোদিত দুটা বুদ্ধৰ মূৰ্তিক বোমা দি উৰুৱাই দিছিল ৷ তালিবানে দাবী কৰিছিল যে, বৌদ্ধসকলে মূৰ্তিপূজাৰ ওপৰত থকা ইছলামৰ নিষেধাজ্ঞা উলংঘা কৰিছে ৷
লগতে পঢ়ক :তালিবানৰ বিৰুদ্ধে হাতত অস্ত্ৰ তুলি লোৱা ছালিমা মাজাৰী আফগানিস্তানত বন্দী
বুধবাৰে সংগঠনটোৰ যোদ্ধাসকলে হাতত মাৰনাস্ত্ৰ লৈ কাবুলৰ চুবুৰীয়া অঞ্চলত টহল দিয়া দেখিবলৈ পোৱা যায় ৷ এই অঞ্চলটোত বহুটো দূতাবাসৰ লগতে আফগানিস্তানৰ অভিজাত লোকসকলৰ ঘৰ আছে ৷ তালিবানে যদিও আইন-শৃংখলা মানি চলিব বুলি প্ৰতিশ্ৰুতি দিছে ; কিন্তু বহু আফগান লোকে এই কথাত বিশ্বাস কৰিব পৰা নাই ৷
তালিবানৰ আন এক প্ৰতিশ্ৰুতিও সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছে আন্তঃৰাষ্ট্ৰীয় শক্তিসমূহে ৷ সেয়া হ’ল, ‘আফগানিস্তানক সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিকল্পনা ৰচনা কৰাৰ ভূমিত পৰিণত হ’বলৈ নিদিয়া ৷’ 2020 চনত ট্ৰাম্প প্ৰশাসনৰ সৈতে তালিবানৰ হোৱা শান্তি চুক্তিত এই চৰ্ত সন্নিবিষ্ট কৰা হৈছিল ৷ উল্লেখ্য যে, এই শান্তি চুক্তিয়েই আফগানিস্তানৰ ভূমিৰ পৰা মাৰ্কিন সেনা প্ৰত্যাহাৰৰ বাট মুকলি কৰিছিল ৷ মাৰ্কিন সেনাৰ অন্তিমটো দল আগষ্ট মাহৰ শেষত উভতাৰ কথা আছিল ৷
যেতিয়া তালিবান পূৰ্বতে শাসনত আছিল তেতিয়া তালিবানে অল-কায়দাৰ নেতা ওছামা বিন লাডেনক আশ্ৰয় প্ৰদান কৰিছিল ৷ তালিবানৰ আশ্ৰয়ত থাকিয়েই লাডেনে 9/11ৰ আক্ৰমণৰ পৰিকল্পনা ৰচিছিল ৷ গতিকে আফগানিস্তানত পুনৰ তালিবানৰ উত্থানে অল-কায়দাৰ দৰে শক্তিসমূহৰ পুনৰ আশ্ৰয়স্থল হ’ব বুলি মাৰ্কিন বিষয়াসকল চিন্তিত হৈ পৰিছে ৷