ইণ্টাৰনেশ্যনেল ডেস্ক , 11 অক্টোবৰ :কাবুলৰ জ্যেষ্ঠ তালিবান প্ৰতিনিধিসকলক সাক্ষাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি দলৰ(US interagency delegation) ৷ তালিবান প্ৰতিনিধিসকলৰ সৈতে গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় স্বাৰ্থৰ বিষয়সমূহৰ ওপৰত আলোচনাৰ অন্তত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি দলটোৱে তালিবানক ইয়াৰ কথাতকৈ কাৰ্যকলাপৰ ওপৰত বিবেচনা কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ State Department ৰ মুখপাত্ৰ Ned Price য়ে এই কথা জানিবলৈ দিয়ে ৷
তালিবানৰ জ্যেষ্ঠ প্ৰতিনিধিসকলক সাক্ষাৎ কৰাৰ উদ্দেশ্যে 9 আৰু 10 অক্টোবৰত প্ৰতিনিধি দলটোৱে Doha ভ্ৰমণ কৰে ৷ আলোচনাৰ সময়ত দুয়োপক্ষই নিৰাপত্তা, মানৱ অধিকাৰ, সন্ত্ৰাসবাদ আদি বিষয়ৰ লগতে আফগান সমাজত ছোৱালী তথা মহিলাৰ অৰ্থপূৰ্ণ অংশগ্ৰহণত গুৰুত্ব আৰোপ কৰে ৷
দুয়োপক্ষই আমেৰিকা যুক্তৰাষ্ট্ৰৰ শক্তিশালী মানৱীয় সহায়ৰ ব্যৱস্থা(United States’ provision of robust humanitarian assistanc)ৰ বিষয়েও আলোচনা কৰে ৷ এক বিবৃতিযোগে কোৱা হৈছে যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধিদলৰ সৈতে আলোচনা যথেষ্ট স্পষ্ট আৰু পেছাদাৰী আছিল ৷