ইন্টাৰনেশ্যনেল ডেস্ক, 21 ছেপ্তেম্বৰ : আফগানিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা আফগানিস্তানৰ দ্বিতীয়টো সৰ্ববৃহৎ ৰাজনৈতিক দলৰ প্ৰতিষ্ঠাপক বুৰহানউদ্দিন ৰব্বানীৰ নামেৰে নামাংকৃত বুৰহানউদ্দিন বিশ্ববিদ্যালয়ৰ নাম সলনি কৰিলে তালিবানে ৷ বিশ্ববিদ্যালয়খনৰ নাম সলনি কৰি কাবুল শিক্ষা বিশ্ববিদ্যালয় (Kabul Education University) ৰখাৰ সিদ্ধান্ত লৈছে তালিবানে ৷
আফগানিস্তানৰ উচ্চ শিক্ষা মন্ত্ৰণালয়ৰ অনুষ্ঠানিক নিৰ্দেশনাত কোৱা হৈছে যে, বিশ্ববিদ্যালয়সমূহ আফগানিস্তানৰ বৌদ্ধিক সম্পদ ৷ সেয়েহে এই সম্পদসমূহৰ নামাকৰণ কোনো ৰাজনৈতিক বা জাতিগত নেতাৰ নামেৰে হোৱাটো উচিত নহয় ৷ বিশ্ববিদ্যালয়খন প্ৰাক্তন ৰাষ্ট্ৰপতি বুৰহানউদ্দিন ৰব্বানীৰ নামেৰে 2009 চনত এটি আত্মঘাতী আক্ৰমণত মৃত্যু হোৱাৰ পিছতে নামাকৰণ কৰা হৈছিল ৷
সেই সময়ত এই সিদ্ধান্তক লৈ বিশ্ববিদ্যালয়খনৰ শিক্ষাৰ্থীসকল ক্ষোভিত হৈ পৰিছিল ৷ পৰিস্থিতি ইমানেই গুৰুতৰ হৈ পৰিছিল যে প্ৰতিবাদী শিক্ষাৰ্থীসকল আঘাতপ্ৰাপ্ত হোৱাৰ তথ্যও পোহৰলৈ আহিছিল ৷
লগতে পঢ়ক :আন্তৰ্জাতিক শান্তি দিৱস 2021
ইয়াৰ পূৰ্বে তালিবানে হামিদ কাৰ্জাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নাম সলনি কৰি পূৰণি নাম কাবুল বিমান বন্দৰ ৰখাৰ কথা ঘোষণা কৰিছিল ৷ ইয়াৰ উপৰিও তালিবানে মাউড স্কোৱেৰ (Maoud square)ৰ নাম সলনি কৰি পূৰ্বৰ নাম কাবুল ৰাজহুৱা স্বাস্থ্য স্কোৱেৰ (Public health square) ৰাখিছিল ৷ লগতে উজবেকক আফগানিস্তানৰ চৰকাৰী ভাষাৰ মৰ্যাদাও সলনি কৰিছে তালিবানে ৷
"মৌলিক" (Fundamentals) শীৰ্ষক আইনখনে হানাফি মাধহাবৰ আফগানিস্তান চুন্নী ইছলামৰ চৰকাৰী ধৰ্ম, লগতে ইয়াৰ চৰকাৰী ভাষা ‘পেষ্টো’ আৰু দাৰীক সূচায় । ইয়াৰ আগতে আফগানিস্তানত, তেওঁলোকৰ সৈতে, উজবেক ভাষাৰ চৰকাৰী মৰ্যাদা আছিল, যিটো আফগানিস্তানৰ উত্তৰ প্ৰদেশৰ বহু বাসিন্দাই কয় । ইয়াৰ উপৰিও, দেশখনত এক বৃহৎ ‘চিয়া’ সম্প্ৰদায় আছে যাৰ ভিতৰত মুখ্য সম্প্ৰদায় হ’ল হাজাৰা ।
তালিবানে আফগানিস্তানত এক অন্তৰ্ৱৰ্তীকালীন আইন জাৰী কৰিছে ৷ এই আইনৰ অধীনত আফগানিস্তানত পূৰ্বৰ তিনিটাৰ সলনি দুটা আনুষ্ঠানিক ভাষা ৰখা হ’ব বুল সিদ্ধান্ত লোৱা হৈছে ৷ এই নথিখন আন্দোলনৰ এটা সূত্ৰৰ দ্বাৰা RIA নোভোস্তিলৈ প্ৰেৰণ কৰা হৈছিল ।
লগতে পঢ়ক :ৰাছিয়াৰ বিশ্ববিদ্যালয়ত গুলীচালনা: পাঁচজনৰ মৃত্যু