অসম

assam

ETV Bharat / international

দেশ সেৱাত নিজকে নিয়োজিত কৰিবলৈ সদস্যসকলক আহ্বান তালিবানী নেতাৰ - Afghanistan

প্ৰতি দিনে নিজকে দেশসেৱাত নিয়োজিত কৰিবলৈ তালিবানী যোদ্ধাসকলক আহ্বান আফগানিস্তানত তালিবানৰ অন্তৱৰ্তীকালীন চৰকাৰৰ ৰাষ্ট্ৰপতি মোল্লাঃ আব্দুল ঘানী বাৰাদাৰৰ ৷ দেওবাৰে আফগান চৰকাৰৰ আত্মসমৰ্পণৰ পিছতে 20 বছৰৰ অন্তত পুনৰ আফগানিস্তানৰ গাদীত অধিষ্ঠিত হ’ল তালিবান ৷

Taliban leader: Victory mustn't make us arrogant
দেশ সেৱাত নিজকে নিয়োজিত কৰিবলৈ সদস্যসকলক আহ্বান তালিবানী নেতাৰ

By

Published : Aug 16, 2021, 10:13 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 16 আগষ্ট : ‘‘অনাকাংশিত এই দলীয় বিজয়ে আমাক অহংকাৰী কৰি তুলিব নালাগ’’ ৷ এই মন্তব্য এগৰাকী জ্যেষ্ঠ তালিবানী নেতাৰ ৷ তালিবানৰ এগৰাকী মুখপাত্ৰই ইউ টিউবত প্ৰকাশ কৰা এটি ভিডিঅ’ত এই আন্দোলনৰ সহ-প্ৰতিষ্ঠাতা মোল্লাঃ আব্দুল ঘানী বাৰাদাৰে "প্ৰতি দিনে দেশৰ সেৱাত আত্মনিয়োগ কৰা" বুলি কোৱা দেখিবলৈ পোৱা গৈছে ৷

লগতে পঢ়ক :ভৱিষ্যতৰ শংকাত ভুগিছে বহিঃৰাষ্ট্ৰত বাস কৰা আফগানী নাগৰিকে

আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্বৰফ ঘানীয়ে দেশ ত্যাগ কৰাৰ পিছতে তালিবানী যোদ্ধাসকলে কাবুলৰ ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰে ৷ ইয়াৰ পিছতেই ডোহাস্থিত তালিবানৰ কাৰ্যালয়ৰ পৰা যোদ্ধাসকলক উদ্দেশ্যি বিজয় বাৰ্তা প্ৰেৰণৰ লগতে নিজৰ দায়িত্বৰ কথাও সোঁৱৰাই দিয়ে মোল্লাঃ আব্দুল ঘানী বাৰাদাৰে ৷

কাবুলৰ বাসিন্দাসকলে চহৰখনৰ বিভিন্ন স্থানত লুট-পাতৰ বিষয়ে অৱগত কৰিছে ৷ ইয়াৰ উপৰিও সামাজিক মাধ্যমত লোসকলক ঘৰৰ ভিতৰত সোমাই থকাৰ উপৰিও গেটত তলা লগাই থোৱাৰ বাবে পৰামৰ্শ প্ৰদান কৰি বাৰ্তা প্ৰেৰণ কৰা হৈছে ৷

লগতে পঢ়ক :এতিয়াৰে পৰা বায়ুসেনা সহ বিশাল সামৰিক সম্পত্তিৰ অধিকাৰী হ’ব তালিবান

সমগ্ৰ চহৰখনেই সম্প্ৰতি এক অজান আশংকাত ভুগিছে ৷ দিনৰ ভাগত মাৰ্কিন দূতাবাসৰ পৰা সুৰক্ষা বাহিনীক ওভটাই পঠিওৱাৰ বাবে আকাশত হেলিকপ্তাৰ উৰি ফুৰাটো এক সাধাৰণ দৃশ্য হৈ পৰিছে ৷ হাজাৰ হাজাৰ আফগান নাগৰিকে প্ৰাণৰ মমতাত দেশ এৰি পলায়ন কৰিবলৈ চেষ্টা কৰিছে । চৰকাৰী কাৰ্যালয় তথা মন্ত্ৰালয় আৰু ৰাষ্ট্ৰপতি ভৱনলৈ যোৱা পথত বাহনবোৰ তন্ন তন্নকৈ পৰীক্ষা কৰিছে তালিবানীয়ে । নিজৰ আধিপত্য বিস্তাৰৰ চিন স্পষ্ট কৰি দিছে তালিবানে ।

যুদ্ধ বিধ্বস্ত আফগানিস্তানত পুনৰনিৰ্মাণ কৰাৰ উদ্দেশ্যে সংযুক্ত ৰাষ্ট্ৰই চলোৱা অভিযানত পৰ্দা টানি প্ৰায় 20 বছৰ নিস্ক্ৰিয় হৈ থকাৰ পাচত সন্ত্ৰাসবাদী সংগঠনটো পুনৰ ক্ষমতালৈ ঘূৰি আহিছে ৷

লগতে পঢ়ক :আফগানিস্তানত তালিবানৰ দপদপনি

ABOUT THE AUTHOR

...view details