ইণ্টাৰনেশ্যনেল ডেস্ক, 27 ছেপ্টেম্বৰ :অতি শীঘ্ৰে বিশ্বৰ পৰা স্বীকৃতি লাভ কৰাৰ দাবী তালিবানৰ ৷ তালিবানৰ মুখপাত্ৰ (spokesperson of the Taliban) আৰু তথ্য আৰু সংস্কৃতিৰ উপমন্ত্ৰী(Deputy Minister of information and culture) জাবিউল্লাহ মুজাহিদে(Zabiullah Mujahid) বিশ্বই শীঘ্ৰেই তালিবানক স্বীকৃতি দিব বুলি দাবী কৰিছে ৷ আফগানিস্তানৰ স্থানীয় সংবাদ মাধ্যমে দেওবাৰে এই কথা প্ৰকাশ কৰিছে ৷
উপমন্ত্ৰীগৰাকীয়ে সদৰী কৰা মতে, কেইবাখনো দেশৰ প্ৰতিনিধিয়ে আফগানিস্তান ভ্ৰমণ কৰিছে আৰু তেওঁলোকে (তালিবান) স্বীকৃতিৰ বাবে ৰাষ্ট্ৰসংঘৰ মহা সচিবলৈ(UN Secretary-General) এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ মুজাহিদৰ মতে স্বীকৃতি লাভ কৰাটো তেওঁলোকৰ অধিকাৰ আৰু সেয়ে তালিবানৰ নেতাসকলে ৰাষ্ট্ৰসংঘৰ সৈতে কথা-বাৰ্তা পাতি আছে ৷
উল্লেখ্য যে, তালিবানক স্বীকৃতি দিয়াৰ বাবে আন্তৰ্জাতিক সম্প্ৰদায়সমূহে কেতবোৰ বিশেষ চৰ্ত ৰাখিছে ৷ তাৰ ভিতৰত আছে মানৱ অধিকাৰ আৰু মহিলাৰ অধিকাৰক সন্মান কৰা, এক সামগ্ৰিক চৰকাৰ গঠন কৰা, আফগানিস্তানক সন্ত্ৰাসবাদ আৰু উগ্ৰবাদৰ বাবে সুৰক্ষিত আশ্ৰয়স্থল হ'বলৈ নিদিয়া ৷