ইণ্টাৰনেশ্যনেল ডেস্ক, 6 ছেপ্তেম্বৰ : পঞ্জশিৰ উপত্যকা সম্পূৰ্ণৰূপে নিজৰ দখললৈ অনা বুলি দাবী কৰিছে তালিবানে ৷ গুৰুতৰ সংঘৰ্ষৰ অন্তত অৱশেষত শেষৰখন আফগানিস্তান উপত্যকা নিজৰ দখললৈ আনিবলৈ সক্ষম হোৱা বুলি তালিবানে দাবী কৰাৰ কথা প্ৰকাশ পাইছে AFP ত ৷ সম্প্ৰতি উপত্যকাখনত যুদ্ধবিৰতি ঘোষণা কৰা হৈছে ৷
দেওবাৰে ৰেজিষ্টেন্স ফ্ৰণ্টৰ (resistance Front ) নেতা আহমেদ মছুদে কয়, তেওঁ যুদ্ধৰ সমাপ্তি ঘটাই নিস্পত্তিকৰণৰ বাবে ধৰ্মীয় পণ্ডিতসকলে দিয়া পৰামৰ্শক আদৰণি জনাইছে ৷ উল্লেখ্য যে, যোৱা কিছুদিন ধৰি আফগানিস্তানৰ পঞ্জশিৰত তালিবানী যোদ্ধা আৰু ৰেজিষ্টেন্স ফ’ৰ্চৰ মাজত সংঘৰ্ষ সংঘটিত হৈ আছিল ৷