ইণ্টাৰনেশ্যনেল ডেস্ক, 3 ছেপ্তেম্বৰ :আফগানিস্তানৰ ৰাজধানী কাবুল দখলৰ পাচতে এইবাৰ তালিবানে পঞ্জশিৰ(Panjshir) দিশে অগ্ৰগতি লাভ কৰিছে ৷ চুতুল জিলা(Shutul district)ৰ কেন্দ্ৰৰ লগতে বিৰোধী বাহিনীৰ দখলত থকা 11টা আউটপ'ষ্ট দখল কৰি পঞ্জশিৰ(Panjshir) দিশে তালিবানে অগ্ৰগতি লাভ কৰিছে ৷ তালিবানৰ সাংস্কৃতিক আয়োগ(Taliban's cultural commission)ৰ এজন সদস্য ইনামুল্লা চামংগনী(Inamullah Samangani)এ সংঘৰ্ষত বিৰোধী বাহিনীৰ ৩৪ জন সদস্য নিহত হৈছে বুলি সদৰী কৰিছে ৷
অনলাইনযোগে এটা ভিডিঅ' শ্বেয়াৰ কৰি তালিবানে তেওঁলোকৰ বাহিনী চুটুল জিলাত আগবাঢ়িছে বুলি সদৰী কৰিছিল ৷ ইফালে নিশাৰ অভিযানৰ লগতে ৰাতিপুৱাৰ অভিযানত বিপৰীত দিশত যথেষ্ট ক্ষতিসাধন হৈছে বুলি তালিবানে দাবী কৰাৰ পৰিৱৰ্তে আহমাদ মাছুদ(Ahmad Massoud)ৰ অনুগত বাহিনীয়ে তালিবানৰ এই দাবী অস্বীকাৰ কৰিছে ৷ তেওঁলোকৰ মতে পঞ্জশিৰৰ চুতুল জিলাত সংঘটিত সংঘৰ্ষত তালিবানৰো যথেষ্ট লোক হতাহত হৈছে ৷
লগতে পঢ়ক :Evacuation Failed : আফগানিস্তানৰ পৰা হাইজেক হ’ল বহি: ৰাষ্ট্ৰৰ বিমান
বিৰোধীৰ এজন মুখপাত্ৰ ফাহিম দস্তী(Fahim Dashti)য়ে জানিবলৈ দিয়া মতে, বিগত চাৰি দিনত ৩৫০ জন তালিবান যুঁজাৰু সংঘৰ্ষত নিহত হৈছিল আৰু কমেও ২৯০ জন আহত হৈছিল ৷ নিশা তালিবানে জাবল চিৰাজ পৰ্বতমালা(Jabal Siraj mountains)ৰ মাজেৰে চুটুল জিলাত প্ৰৱেশ কৰিবলৈ বহু চেষ্টা কৰিছিল যদিও তেওঁলোকৰ প্ৰচেষ্টা বিফল হৈছিল বুলি দস্তীয়ে সদৰী কৰে ৷ যুদ্ধক্ষেত্ৰৰ পৰা তালিবানে তেওঁলোকৰ সহযোগীসকলৰ ৪০ টা মৃতদেহ লৈ গৈছিল বুলিও দস্তীয়ে দাবী কৰে ৷