নিউজ ডেস্ক , 18 আগষ্ট :তালিবান(Taliban)ৰ বিৰুদ্ধে যুঁজ দিবলৈ হাতত অস্ত্ৰ তুলি লোৱা ছালিমা মাজাৰী((Salima Mazari) তালিবানৰ হাতত বন্দী ৷ তালিবানৰ বিৰুদ্ধে স্থিতি ল'বলৈ সাহস কৰা আফগানিস্তান(Afghanistan)ৰ এইগৰাকী অন্যতম প্ৰথম মহিলা গভৰ্ণৰক ৰাষ্ট্ৰখনৰ বাল্খ প্ৰদেশ(Balkh Province)ত তালিবানে বন্দী কৰিছে বুলি জানিব পৰা গৈছে ৷ তালিবানৰ আতংকত বহু আফগান ৰাজনৈতিক নেতাই দেশ এৰি পলায়ন কৰাৰ সময়ত এইগৰাকী সাহসী মহিলা ছালিমা মাজাৰী বাল্খ প্ৰদেশৰ আত্মসমৰ্পণ(surrender of Balkh province)ৰ সময় পৰ্যন্ত দেশখনতে আছিল ৷
প্ৰাপ্ত তথ্য অনুসৰি, ৰাষ্ট্ৰপতি আশ্বৰফ ঘানী(President Ashraf Ghani)এ দেশৰ পৰা পলায়ন কৰাকে ধৰি সমগ্ৰ ৰাষ্ট্ৰৰ লগতে আফগান নেতৃত্বৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰাৰ পাচত তালিবানে এই মহিলা নেত্ৰীগৰাকীক বন্দী কৰিছে ৷ কিছু বছৰ পূৰ্বে ছালিমা মাজাৰী আফগানিস্তানে দেখিবলৈ পোৱা তিনিগৰাকী মহিলা ৰাজ্যপালৰ ভিতৰত এগৰাকী হৈ পৰিছিল ৷ উল্লেখ্য যে, অন্যান্য নেতাসকলৰ নেতৃত্বত থকা বহু আফগান প্ৰদেশে বৰ বেছি যুঁজ নিজিয়াকৈয়ে ভাগি পৰাৰ পৰিৱৰ্তে ছালিমাই বাল্খ প্ৰদেশৰ চাহাৰ কিণ্ট(Chahar Kint in Balkh Province )ক অক্ষত ৰাখিবলৈ সকলো সম্ভৱপৰ চেষ্টা কৰিছিল ৷
লগতে পঢ়ক :তালিবানৰ উত্থান সন্দৰ্ভত মিত্ৰ দেশৰ সৈতে বাৰ্তালাপ জ' বাইডেনৰ