অসম

assam

ETV Bharat / international

কাবুলৰ মিলিটেৰী হাস্পতালৰ বাহিৰত বিষ্ফোৰণ - কাবুলৰ চৰ্দাৰ মহমম্দ ডাউদ খান মিলিটাৰী হাস্পতাল

মঙলবাৰে কাবুলৰ চৰ্দাৰ মহম্মদ ডাউদ খান মিলিটেৰী হাস্পতালৰ বাহিৰত এক বিষ্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ কথা সদৰি কৰিছে তালিবানৰ উপ-মুখপাত্ৰই ৷ ঘটনাত কোনো লোক নিহত হোৱাৰ তথ্য পোৱা নাই ৷

Taliban: Blast targets civilians outside Kabul hospital
কাবুলৰ মিলিটাৰী হাস্পতালৰ বাহিৰত বিষ্ফোৰণ

By

Published : Nov 2, 2021, 5:11 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 2 নৱেম্বৰ : মঙলবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলত সংঘটিত হয় ভয়ংকৰ বিষ্ফোৰণ ৷ কাবুলৰ মিলিটেৰী হাস্পতালৰ সন্মুখত সংঘটিত হৈছে উক্ত বিষ্ফোৰণ ৷

কাবুলৰ চৰ্দাৰ মহম্মদ ডাউদ খান মিলিটেৰী হাস্পতালৰ বাহিৰত থকা সাধাৰণ লোকসকলক লক্ষ্য কৰি এই বিষ্ফোৰণ সংঘটিত কৰা হৈছে বুলি সদৰি কৰে তালিবানৰ উপ-মুখপাত্ৰ বিলাল কৰিমিয়ে ৷ এই পৰ্যন্ত ঘটনাত কোনো লোক নিহত হোৱাৰ লগতে দ্বিতীয় কোনো বিষ্ফোৰণৰো তথ্য লাভ কৰা নাই বুলি জনায় মুখপাত্ৰগৰাকীয়ে ৷

উল্লেখ্য যে, মঙলবাৰে কাবুলৰ 10 খন জিলাত দুটাকৈ বিষ্ফোৰণৰ শব্দ পোৱা বুলি ধাৰণা কৰা হৈছিল ৷ ইয়াৰ উপৰিও স্থানীয় বাসিন্দাই অঞ্চলকেইটাত গুলীয়াগুলিৰো শব্দ শুনিবলৈ পোৱা বুলি জানিবলৈ দিছে ৷

লগতে পঢ়ক :অৱশেষত ক’ভেক্সিনলৈ অনুমোদন অষ্ট্ৰেলিয়াৰ

ABOUT THE AUTHOR

...view details