অসম

assam

ETV Bharat / international

দক্ষিণ-পশ্চিম পাকিস্তানত ভূমিকম্প : ১১ জনৰ মৃত্যু - ভূমিকম্প

দক্ষিণ-পশ্চিম পাকিস্তানত ৫.৭ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পৰ জোকাৰণি অনুভূত ৷ ভূমিকম্পটো বালুচিস্তান প্ৰদেশৰ হাৰনাইৰ(Harnai in Baluchistan province) পৰা প্ৰায় ১৪ কিলোমিটাৰ (৮ মাইল) উত্তৰ-উত্তৰ-পূবত কেন্দ্ৰীভূত ৷

Strong earthquake in southwest Pakistan kills at least 11
দক্ষিণ পশ্চিম পাকিস্তানত ভূমিকম্প

By

Published : Oct 7, 2021, 11:35 AM IST

ইণ্টাৰনেশ্যনেল ডেস্ক , 7 অক্টোবৰ :দক্ষিণ-পশ্চিম পাকিস্তানত 5.7 প্ৰাৱল্যৰ ভূমিকম্পৰ জোকাৰণি ৷ বৃহস্পতিবাৰে পুৱতি নিশা 5.7 প্ৰাৱল্যৰ এটা শক্তিশালী ভূমিকম্পই দক্ষিণ-পশ্চিম পাকিস্তানৰ এক অংশ কঁপাই তোলে ৷ পুৱতি নিশা হোৱা ভূমিকম্পৰ ফলত প্ৰায় 11 জন লোক মৃত্যুমুখত পৰা বুলি জানিব পৰা গৈছে ৷ অঞ্চলটোৰ উপায়ুক্ত সুহেইল আনৱাৰ শ্বাহিনে(Suhail Anwar Shaheen) জানিবলৈ দিয়া মতে, ভূমিকম্পৰ ফলত অতি কমেও 200 জন লোক আঘাতপ্ৰাপ্ত হৈছে ৷

এইপৰ্যন্ত প্ৰায় 11 গৰাকী লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে যদিও মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভূতাত্ত্বিক জৰীপ(US Geological Survey) অনুসৰি ভূমিকম্পটো বালুচিস্তান প্ৰদেশৰ হাৰনাইৰ(Harnai in Baluchistan province) পৰা প্ৰায় ১৪ কিলোমিটাৰ (৮ মাইল) উত্তৰ-উত্তৰ-পূবত কেন্দ্ৰীভূত আছিল ৷

এই অৱস্থান আফগান সীমান্তৰ(Afghan border) কাষৰ প্ৰাদেশিক ৰাজধানী কোৱেটাৰ(Quetta) পৰা প্ৰায় 100 কিলোমিটাৰ (60 মাইল) দূৰত।

লগতে পঢ়ক :উত্তৰ-পূৱ জাপানত ৫.৯ প্ৰাবল্যৰ ভূমিকম্প : ৩ জন আহত

ABOUT THE AUTHOR

...view details