অসম

assam

By

Published : Apr 21, 2020, 5:17 PM IST

ETV Bharat / international

অহা ২০ জুনত শ্ৰীলংকাৰ সংসদীয় নিৰ্বাচন

২ জুনত অনুষ্ঠিত হ'বলগীয়া শ্ৰীলংকাৰ সংসদীয় নিৰ্বাচন অহা ২০ জুনত অনুষ্ঠিত হ'ব বুলি জানিব পৰা গৈছে । ইতিমধ্যে দেশখনত ২ মাৰ্চত সমাপ্ত হৈছে সংসদৰ কাৰ্যকাল ।

অহা ২০ জুনত শ্ৰীলংকাৰ সংসদীয় নিৰ্বাচন
অহা ২০ জুনত শ্ৰীলংকাৰ সংসদীয় নিৰ্বাচন

নিউজ ডেস্ক, ২১ এপ্ৰিলঃশ্ৰীলংকাৰ নিৰ্বাচন আয়োগে দেশখনৰ সংসদীয় নিৰ্বাচন দুমাহলৈ পিছুৱাই দিছে । বিশ্বব্যাপী কৰ'ণা ভাইৰাছৰ আতংকৰ বাবেই এইদৰে দেশখনত প্ৰথমবাৰৰ বাবে সংসদীয় নিৰ্বাচন পিছুৱাবলগীয়া হৈছে । শ্ৰীলংকাত এই ভাইৰাছৰ ফলত ৭গৰাকী লোক নিহত হোৱাৰ বিপৰীতে ২৯৫ গৰাকী লোক আক্ৰান্ত হৈছে ।

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গটাবায়া ৰাজাপক্ষই বিগত ২ মাৰ্চত ইয়াৰ সংসদ ভংগ ঘোষণা কৰে । নিৰ্ধাৰিত সূচীৰ ছমাহ পূৰ্বে এপ্ৰিল ২৫ত এক snap electionৰ আহ্বান জনাইছে ৰাষ্ট্ৰপতিগৰাকীয়ে । দেশখনৰ নিৰ্বাচন আয়োগৰ তিনিজনীয়া সমিতিৰ দ্বাৰা ৰাজপত্ৰিত ঘোষণাত ২০ জুনত নিৰ্বাচন অনুষ্ঠিত কৰা হ'ব বুলি সোমবাৰে ঘোষণা কৰে ।

নিৰ্বাচন আয়োগে ৰাষ্ট্ৰপতিগৰাকীৰ হস্তক্ষেপ কামনা কৰি, নিৰ্বাচন পিছুৱাবলগীয়া হোৱাক লৈ উদ্ভৱ হোৱা সাংবিধানিক দিশত দেশখনৰ সৰ্বোচ্চ ন্য়ায়ালয়ৰ উপায় বিচাৰিছে । নিৰ্বাচন পিছুৱাবলগীয়া হোৱাৰ ফলত ২ জুনত সংসদৰ সভা অনুষ্ঠিত হ'ব নোৱাৰিব । অৱশ্যে ৰাষ্ট্ৰপতিগৰাকীয়ে এইসন্দৰ্ভত সৰ্বোচ্চ ন্যায়ালয়ৰ পৰিৱৰ্তে নিৰ্বাচন আয়োগক নিজাকৈ সিদ্ধান্ত ল'বৰ বাবে আহ্বান কৰিছে ।

দেশখনত ২৭ এপ্ৰিললকৈ লোকডাউন ঘোষণা কৰা হৈছে । দেশখনত ২০ মাৰ্চৰ পৰা কোভিড-১৯ৰ বাবে সান্ধ্য আইন ঘোষণা কৰা হৈছিল । দেশখনত এতিয়ালৈকে ২৯৫ গৰাকী কোভিড-১৯ ৰোগী পোৱা গৈছে যাৰ ভিতৰত ৯৬ গৰাকীয়ে আৰোগ্য লাভ কৰাৰ বিপৰীতে ৭ গৰাকী লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়কঃভাৰতৰ প্ৰত্যক্ষ বৈদিশিক বিনিয়োগ নীতিয়ে ভংগ কৰিছে বিশ্ব বাণিজ্য সংস্থাৰ নিয়মঃ চীনা দূতাবাস

ABOUT THE AUTHOR

...view details