নিউজ ডেস্ক,27 জানুৱাৰী:আগন্তুক দুদিনৰ ভিতৰত ভাৰতৰ পৰা প্ৰায় 2ৰ পৰা 3 মিলিয়ন অক্সফ’ৰ্ড-এষ্ট্ৰাজেনেকা ভেকচিন ক্ৰয় কৰিব শ্ৰীলংকাই ৷ ভাৰতৰ চিৰাম ইনষ্টিটিউটে প্ৰস্তুত কৰি উলিওৱা এই ক’ভিড প্ৰতিষেধকবিধ ক্ৰয় কৰাৰ কথা বুধবাৰে জানিবলৈ দিয়ে শ্ৰী লংকাৰ বিষয়ববীয়াই ৷ বৃহস্পতিবাৰে ভাৰতৰ পৰা বিনামূলীয়া কৰ’ণা প্ৰতিষেধক শ্ৰী লংকা পাব বুলি জনায় শ্ৰী লংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপকছাৰ উপদেষ্টা ললিথ ৱীৰাটুংগাই ৷
শ্ৰী লংকাৰ সৰ্বমুঠ জনসংখ্যাৰ 2,50,000 লোকক প্ৰাৰম্ভিক পৰ্যায়ত প্ৰদান কৰা হ’ব ক’ভিড প্ৰতিষেধক ৷ ইয়াৰ ভিতৰত স্বাস্থ্য কৰ্মী, সুৰক্ষা বাহিনীৰ সদস্য, আৰক্ষী আৰু বয়সীয়াল ব্যক্তিসকলক সৰ্বপ্ৰথমে প্ৰদান কৰা হ’ব প্ৰতিষেধক ৷ এই প্ৰতিষেধক প্ৰদান অনুষ্ঠানৰ ড্ৰাই ৰাণ অহা 29 জানুৱাৰীৰ পৰা আৰম্ভ কৰা হ’ব ৷