ইন্টাৰনেশ্যনেল ডেস্ক, 11 আগষ্ট :শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ এদিন পাচতে ইটিভি ভাৰতৰে আছুতীয়া সাক্ষাৎকাৰ প্ৰদান কৰে মহিন্দ্ৰা ৰাজাপাকছাই ৷ সাক্ষাৎকাৰত তেওঁ কয় যে, বহিৰাগত শক্তি নহয়, নিজ দেশবাসীৰ সকলো আশা-আকাংক্ষা বাস্তৱায়িত কৰিবৰ বাবে এখন নতুন সংবিধানৰ প্ৰয়োজন ৷ দেওবাৰে কলম্বোৰ কেলানিয়া বৌদ্ধ মন্দিৰত কনিষ্ঠ ভাতৃ তথা শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকছাৰ উপস্থিতিত নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে মহিন্দ্ৰা ৰাজাপাকছাই ৷ উল্লেখ্য যে, COVID-19 ৰ সন্ত্ৰাসৰ মাজতে যোৱা সপ্তাহত শ্ৰীলংকাত আয়োজন কৰা নিৰ্বাচনত বিজয় সাব্যস্ত কৰিছিল ৰাজাপাকছাই ৷
2019 চনৰ নৱেম্বৰত ৰাষ্ট্ৰপতীয় নিৰ্বাচনত 52 শতাংশ ভোটেৰে বিজয় সাব্যস্ত কৰিছিল গোটাবায়া ৰাজাপাকছাই ৷ ইয়াৰ পাচতে উত্তৰ-পশ্চিমৰ জিলা কুৰুনেগালাৰ পৰা শাসনাধীষ্ঠ SLPP (Sri Lanka Podujana Party) ৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াই 145 খন সংসদীয় আসন দখলেৰে প্ৰধানমন্ত্ৰীৰ দায়িত্ব লাভ কৰে মহিন্দ্ৰা ৰাজাপাকছাই ৷ উল্লেখ্য যে, এক প্ৰমুখ ঘোষণা অনুসৰি শ্ৰীলংকাৰ 19 সংখ্যক সংবিধানৰ সংশোধনীৰ বাবে 225 সদস্যভূক্ত সংসদৰ 150 খন আসন দখল কৰাৰ প্ৰয়োজন ৷ কিন্তু, ৰাজাপাকছাই দখল কৰে 145 খন আসন ৷
দখল কৰা আসনৰ ভিত্তিত 19 সংখ্যক সংবিধানৰ সংশোধনী সহজ হৈ পৰিব নেকি বুলি স্মিতা শৰ্মাই প্ৰশ্ন কৰে ৷ ইয়াৰ উত্তৰত তেওঁ কয়, "19 সংখ্যক সংশোধনীয়ে সুচাৰুৰূপে চৰকাৰ পৰিচালনা অসম্ভৱ কৰি তুলিছিল ৷ সেয়েহে নিৰ্বাচনত প্ৰাক্তন প্ৰশাসনক শ্ৰীলংকাৰ ৰাইজে নাকচ কৰিছিল ৷"
দহ বছৰ শাসনৰ পাচত মহিন্দ্ৰা ৰাজাপাকছাক পৰাস্ত কৰি ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ পদ অলংকৃত কৰিছিল UNP (United National Party) দলৰ ক্ৰমে মৈথৰাপলি শিৰিসেনা আৰু ৰেনিল উইক্ৰেমেসিংঘেই ৷ এই সংশোধনীয়ে ৰাষ্ট্ৰপতিৰ ক্ষমতা খৰ্ব কৰিছিল আৰু 'সংশোধিত চৰকাৰ' হিচাপে নামাকৰণ কৰি এই ক্ষমতাসমূহ প্ৰধানমন্ত্ৰী আৰু সংসদৰ মাজত বিতৰণ কৰিছিল ৷