অসম

assam

By

Published : Apr 22, 2019, 10:02 AM IST

ETV Bharat / international

কলম্বো আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত উদ্ধাৰ আন এটা বোমা

শ্ৰীলংকাৰ কলম্বোকে ধৰি কেইবাটাও অঞ্চলত ধাৰাবাহিক বিস্ফোৰণৰ পাচতে কলম্বো আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত উদ্ধাৰ হয় আন এটা বোমা ৷ নিয়মীয়া তালাচীত 6 ফুট দীঘল পাইপৰ ভিতৰত ৰাখি থোৱা অৱস্থাত উদ্ধাৰ হয় বোমাটো ৷

ETV BHARAT

শ্ৰীলংকা, 22 এপ্ৰিলঃ ধাৰাবাহিক বোমা বিস্ফোৰণৰ পাচতেই শ্ৰীলংকাৰ বিমান বন্দৰত আন এটা বোমা উদ্ধাৰ ৷ কেইবাটাও ধাৰাবাহিক বিস্ফোৰণত শ্ৰীলংকাত দুশ গৰাকীতকৈও অধিক লোকে প্ৰাণ হেৰুৱাৰ পাচত পুনৰ কলম্বো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বোমা উদ্ধাৰ হোৱা ঘটনাই পুনৰবাৰ সকলোকে শংকিত কৰি তুলিছে ৷

কলম্বো আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত উদ্ধাৰ আন এটা বোমা

তথ্য অনুসৰি, আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়তে 6 ফুট দীঘল পাইপৰ ভিতৰত ৰাখি থোৱা অৱস্থাত বায়ু সেনা বিষয়াই উদ্ধাৰ কৰিবলৈ সক্ষম হয় বিস্ফোৰকটো ৷ ইতিমধ্যে, শিহৰণকাৰী বোমা বিস্ফোৰণৰ লগত জড়িত 13 গৰাকী ব্যক্তিক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৷ দেওবাৰে সংঘটিত এই বিস্ফোৰণৰ পাচতেই লোকসকলৰ নিৰাপত্তাৰ বাবে শ্ৰীলংকাত 6 বজাৰ পৰা সান্ধ্য আইন জাৰী কৰিছে শ্ৰীলংকা প্ৰশাসনে ৷এই ভয়ংকৰ ধাৰাবাহিক বিস্ফোৰণত তিনিগৰাকী ভাৰতীয়, দুগৰাকী টুৰ্কীজ, পাঁচ গৰাকী ব্ৰিটিচ, এগৰাকী পৰ্তুগীজৰ লগতে বহুকেইগৰাকী চীনা আৰু ডাট্চ লোকৰ মৃত্যু হোৱাৰ উপৰিও দেশখনৰ দূৰসংযোগ আৰু যোগাযোগ মন্ত্ৰী হাৰিন ফাৰ্নান্দোৱে প্ৰকাশ কৰা অনুসৰি চিকিৎসালয়তো ভৰ্তি হৈ আছে কেইবাগৰাকীও বিদেশী লোক ৷ ইতিমধ্যে ঘটনাটোত নিহতৰ সংখ্যা 207 গৰাকীলৈ বৃদ্ধি পোৱাৰ লগতে 450 গৰাকীতকৈও অধিক লোক আহত হৈছে ৷

ABOUT THE AUTHOR

...view details