নিউজ ডেস্ক, 26 এপ্ৰিল: বৃহস্পতিবাৰে শ্ৰীলংকাৰ প্ৰতিৰক্ষা সচিব হেমাচিৰি ফাৰনেণ্ডোয়ে পদত্যাগ ঘোষণা কৰে । শ্ৰীলংকাত সংঘটিত ভয়াৱহ বিস্ফোৰণৰ পাছতে অনুসন্ধানকাৰীৰ তথ্যৰ অপব্যৱহাৰ কৰা বুলি তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছিল । শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈথৰিপালা ছিৰিসেনাই প্ৰতিৰক্ষা সচিব গৰাকীক ইস্তফা দিবলৈ কোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে ফাৰনেণ্ডোয়ে । অল-জজিৰাৰ ৰিপোৰ্ট অনুসৰি তেওঁৰ বিকল্প হিচাপে কোনো লোকক নিযুক্তি নিদিয়ালৈকে ফাৰনেণ্ডোয়ে দায়িত্ব পালন কৰি থাকিব । বাৰে বাৰে সতৰ্কবাণী দিয়াৰ পাছতো এই নৰসংহাৰ ৰোধ কৰাত ব্যৰ্থ হোৱা বাবে শ্ৰীলংকা চৰকাৰে সমালোচনাৰ সন্মুখীন হোৱাৰ পাছতে এই পদত্যাগ ঘোষণা কৰা হয় ।
শ্ৰীলংকাৰ প্ৰতিৰক্ষা সচিবৰ পদত্যাগ - DIED AROUND 359
শ্ৰীলংকাত সংঘটিত ভয়াৱহ বিস্ফোৰণে প্ৰায় 359 জন লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ পাছতে শ্ৰীলংকাৰ প্ৰতিৰক্ষা সচিব হেমাচিৰি ফাৰনেণ্ডোয়ে পদত্যাগ ঘোষণা কৰিছে । শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈথৰিপালা ছিৰিসেনাই প্ৰতিৰক্ষা সচিব গৰাকীক পদত্যাগ দিবলৈ কোৱাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰে ফাৰনেণ্ডোয়ে ।
SL BOMBINGS
শেহতীয়াকৈ দেশখনৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰী দুয়োগৰাকীয়ে এই আগজাননীৰ বিষয়ে একো সংবাদ লাভ কৰা নাছিল বুলি দাবী কৰিছে । শ্ৰীলংকাস্থিত আমেৰিকা যুক্তৰাষ্ট্ৰীয় দূতাবাসে সতৰ্ক কৰা অনুসৰি ভৱিষ্যতে আৰু আক্ৰমণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে সেয়েহে ভিৰৰ পৰা আঁতৰি থকাৰ আহ্বান জনাইছে সকলোকে । উল্লেখ্য যে, এপ্ৰিলৰ 21 তাৰিখে শ্ৰীলংকাৰ 8 টাকৈ স্থানত বোমা বিস্ফোৰণৰ ফলত প্ৰায় 359 জনকৈ লোকে প্ৰাণ হেৰুওৱাৰ লগতে 500 জনতকৈ অধিক লোক আহত হৈছিল ।