ইন্টাৰনেশ্বনেল ডেস্ক, 16 নৱেম্বৰ :দেওবাৰেস্পেচ এক্সে ইন্টাৰনেশ্যনেল স্পেচ ষ্টেচনলৈ চাৰি গৰাকী মহাকাশচাৰীক প্ৰেৰণ কৰে ৷ প্ৰথমখন পূৰ্ণ টেক্সি ফ্লাইটত এক ব্যক্তিগত কোম্পানীৰ দ্বাৰা স্পেচ এক্সে নাছাৰ বাবে মহাকাশচাৰী কেইগৰাকীক প্ৰেৰণ কৰে ৷
তিনিগৰাকী আমেৰিকান আৰু এগৰাকী জাপানী মহাকাশচাৰীৰ সৈতে কেনেডী স্পেচ চেন্টাৰৰ পৰা ৰকেটটো গৰজি উঠে আৰু 9 মিনিট পাছত ড্ৰেগন কেপচুলটো কক্ষপথত উপনীত হয় ৷ সোমবাৰে এই কেপচুল স্পেচ ষ্টেচনত গৈ পোৱাৰ পাছত আগন্তুক বসন্তলৈকে তাতে ৰ'ব ৷
উল্লেখ্য যে ক'ৰণা অতিমাৰীৰ ভয়াবহতাৰ বাবে স্পেচ এক্সৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী এলন মাস্কে দূৰতে থাকি এই কাৰ্য নিৰীক্ষণ কৰিবলৈ বাধ্য হৈছে ৷