ইণ্টাৰনেশ্যনেল ডেস্ক, ১৩ ছেপ্টেম্বৰ: বিগত কেইদিনমান ধৰি চীনত বৃদ্ধি পাইছে ক'ভিড-১৯(COVID-19)ত আক্ৰান্তৰ সংখ্যা । তুলনামূলকভাৱে দক্ষিণ-পূৱ চীনৰ ফুজিয়ান প্ৰদেশত বৃদ্ধি পাইছে সংক্ৰমণৰ হাৰ । দেওবাৰে দিনটোত ফুজিয়ান প্ৰদেশত নতুনকৈ ২০ জন লোক মহামাৰীৰ কবলত পৰিছে । ইয়াৰে ১৯ জন লোক পুটিয়ানৰ আৰু ১ জন লোক কুৱানঝৌৰ ।
দেওবাৰে দিনটোত চীনত মুঠ আক্ৰান্ত হয় ৪৬ জন লোক । ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে এই কথা জানিবলৈ দিছে । ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ তথ্য অনুসৰি, মুঠ ৯৫,১৯৯ জন লোক এতিয়ালৈকে আক্ৰান্ত হৈছে আৰু ৪,৬৩৬ জন ৰোগীৰ মৃত্যু হৈছে । ১১,৭০,৩৩৯ জন লোকৰ সংক্ৰমিত ৰোগীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক থকা বুলি চিনাক্ত কৰা হৈছিল ।