নিউজ ডেস্ক, 22 এপ্ৰিলঃ দক্ষিণ কোৰিয়াই আনুষ্ঠানিক ভাৱে মঙলবাৰে ঘোষণা কৰিছে যে, উত্তৰ কোৰিয়াত কোনো ধৰণৰ অস্বাভাৱিক কাৰ্যকলাপ দেখিবলৈ পোৱা নাই । এক সংবাদ মাধ্যমত উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উন সম্পৰ্কে এক অনিশ্চিত তথ্য প্ৰকাশ পাইছিল ।
দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি কাৰ্যালয়ৰ পৰা কয় যে,কিমে পূৰ্বৰ দৰেই দেশ চলোৱা কামত নিয়োজিত হৈ আছে। কিমৰ স্বাস্থ্য সম্পৰ্কে ওলোৱা উৰা বাতৰিৰ কোনো নিশ্চিত তথ্য দক্ষিণ কোৰিয়াৰ হাতত নাই । অৱশ্যে বহুতেই উত্তৰ কোৰিয়া বিপদত থকাৰ কথা লক্ষ্য কৰা বুলি উল্লেখ কৰে দেশখনে ।