হাইদৰাবাদ ,23 এপ্ৰিল : শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটৰ ৷ অমাক নিউজ এজেন্সীৰ জৰিয়তে ধাৰাবাহিক বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ সন্ত্ৰাসবাদী সংগঠনটোৰ ৷
শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ আঁৰত আই এচ - islamic-state
শ্ৰীলংকাৰ সংবাদ মাধ্যমত প্ৰকাশ হৈছিল গীৰ্জাঘৰৰ বাহিৰত এজন সন্দেহযুক্ত লোক বিচৰণ কৰি থকা দৃশ্য প্ৰকাশ কৰিছিল ৷ অমাক নিউজ এজেন্সীৰ জৰিয়তে ধাৰাবাহিক বোমা বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ সন্ত্ৰাসবাদী সংগঠনটোৰ ৷
দেওবাৰে ইস্তাৰ প্ৰাৰ্থনাৰ সময়তে আঁঠটাকৈ ধাৰাবাহিক বিস্ফোৰণত কঁপি উঠিছিল ভাৰতীয় চুবুৰীয়া দেশখন ৷ দুটা দিনত নটাকৈ বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল দেশখনত ৷ ধাৰাবাহিক ভাৱে হোৱা বিস্ফোৰণত 300ৰো অধিক লোক নিহত হোৱাৰ উপৰিও আহত হৈছিল পাঁচশতাধিক ৷ বিস্ফোৰণত নিহত হৈছিল 10 জনকৈ ভাৰতীয় ৷ আনহাতে সন্ত্ৰাসবাদী সংগঠনটোৱে প্ৰকাশ কৰা বিবৃতিত আত্মঘাতী বোমাৰুক সংগঠনটোৰ যুঁজাৰু বুলি আখ্যা দিছে ৷ আনহাতে সংগঠনটোৱে তেওঁলোকৰ দাবী প্ৰতিপন্ন কৰিবলৈ প্ৰদান কৰা নাই কোনো প্ৰমাণ ৷
উল্লেখ যোগ্য যে , শ্ৰীলংকাৰ সংবাদ মাধ্যমত গীৰ্জাঘৰৰ বাহিৰত এজন সন্দেহযুক্ত লোক বিচৰণ কৰি থকা দৃশ্য প্ৰকাশ কৰিছিল ৷