অসম

assam

ETV Bharat / international

আন্তঃ কোৰিয়ান সম্বন্ধৰ বাবে ব্যৱহাৰিক আৰু বাস্তৱ সন্মত পথৰ সন্ধান দক্ষিণ কোৰিয়াৰ - inter-Korean ties

চুবুৰীয়া দেশ উত্তৰ কোৰিয়াৰ সৈতে সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰয়াস দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে ইনৰ। আন্তঃ কোৰিয়া ৰেল'ৱেৰ পুনৰ সংযোগ কৰিব বুলি প্ৰকাশ কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে ।

আন্তঃ কোৰিয়ান সম্বন্ধৰ বাবে ব্যৱহাৰিক আৰু বাস্তৱ সন্মত পথৰ সন্ধান দক্ষিণ কোৰিয়াৰ
আন্তঃ কোৰিয়ান সম্বন্ধৰ বাবে ব্যৱহাৰিক আৰু বাস্তৱ সন্মত পথৰ সন্ধান দক্ষিণ কোৰিয়াৰ

By

Published : Apr 27, 2020, 5:59 PM IST

নিউজ ডেস্ক, 27 এপ্ৰিলঃ দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি মুন জে ইনে কয় যে,উত্তৰ কোৰিয়াৰ সৈতে থকা আন্তঃৰাষ্ট্ৰীয় বাধাৰ পাচতো তেওঁৰ চৰকাৰে ব্যৱহাৰিক আৰু বাস্তৱ সন্মত সহযোগিতাৰ সৈতে আগবাঢ়ি যাব । কৰ'ণা ভাইৰাছ সংকটৰ বাবে চুবুৰীয়াৰ সৈতে সম্পৰ্ক সুযোগৰ বিষয়ে এইদৰে কয় ৰাষ্ট্ৰপতি গৰাকীয়ে ।

ৰাষ্ট্ৰসংঘই প্ৰতিবন্ধকতা লগোৱা পিয়নইয়াংৰ কথা উল্লেখ কৰি তেওঁ কয় যে,ঐতিহাসিক পানমুজুম সন্মিলনৰ দ্বিতীয় বাৰ্ষিকীত তেওঁ উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উনৰ সৈতে এই বিষয়ে আলোচনা কৰিছে ।

উল্লেখ্য যে, কিম জং উন বিগত কেবাসপ্তাহ ধৰি স্বাস্থ্যজনিত কাৰণত জনচক্ষুৰ পৰা আঁতৰত আছে । উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ ঐতিহাসিক পানমুজুম ঘোষণা কেৱল দুয়োখন দেখৰ ব্যৱধানৰ বাবেই নহয়,আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বাধাৰ বাবেও সম্পূৰ্ণ কাৰ্যকৰী হোৱা নাই বুলি মুন জে ইনে কয় ।

তেওঁ বাস্তৱ সন্মত পদ্ধতিৰে দুয়োখন দেশৰ সম্পৰ্ক গঢ়াত গুৰুত্ব দিছে বুলি প্ৰকাশ কৰি আন্তঃ কোৰিয়া ৰেল'ৱেৰ পুনৰ সংযোগ কৰিব বুলি প্ৰকাশ কৰে ।

লগতে পঢ়কঃ নৱাজ শ্বৰীফৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰী পাকিস্তানৰ

ABOUT THE AUTHOR

...view details