অসম

assam

ETV Bharat / international

জাপানৰ নতুন প্ৰধানমন্ত্ৰীৰ শপত গ্ৰহণৰ পূৰ্বে ছিনজো আবেৰ কেবিনেটৰ পদত্যাগ - জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ যোশিহিদে ছুগাৰ

জাপানৰ লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টীৰ নেতা যোশিহিদে ছুগাই দেশখনৰ প্ৰধানমন্ত্ৰী হিচাপে বুধবাৰে শপতগ্ৰহণ কৰে ৷ 377টা ভোট লাভ কৰি ছুগাই প্ৰধানমন্ত্ৰী হ'বলৈ সক্ষম হয় ৷

জাপানৰ নতুন প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণৰ পূৰ্বে ছিনজো আবেৰ কেবিনেটৰ পদত্যাগ
জাপানৰ নতুন প্ৰধানমন্ত্ৰীৰ শপতগ্ৰহণৰ পূৰ্বে ছিনজো আবেৰ কেবিনেটৰ পদত্যাগ

By

Published : Sep 16, 2020, 7:42 PM IST

নিউজ ডেস্ক, 16 ছেপ্তেম্বৰ :যোশিহিদে ছুগাই জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পূৰ্বেই ছিনজো আবেৰ কেবিনেটে পদত্যাগ কৰিছে ৷ জাপানৰ লিবাৰেল ডেম'ক্ৰেটিক পাৰ্টীৰ নেতাগৰাকীয়ে বুধবাৰে শপতগ্ৰহণ কৰে ৷ সৰ্বমুঠ 377টা ভোট লাভ কৰি প্ৰধানমন্ত্ৰীৰ আসনত অধিস্থিত হয় ছুগা ৷ ইয়াৰ বিপৰীতে দেশখনৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী ফুমিঅ কিশিদাই 89টা আৰু প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী শিগেৰু ইছিবাই 68টা ভোট লাভ কৰে ৷

উল্লেখ্য যে, বিগত 28 আগষ্টত আবে নিজৰ শাৰিৰীক অসুস্থতাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীৰ পদৰ পৰা অব্যাহতি লৈছিল ৷ এনে অৱস্থাত কোভিড-19 মহামাৰীৰ সৈতে যুঁজিবলৈ দেশখনৰ শাসনভাৰ নিজৰ হাতলৈ নিয়ে যোশিহিদে ছুগাই ৷

লগতে পঢ়ক :চীনেই সৃষ্টি কৰিছিল ক'ৰণা ভাইৰাছঃ চীনা বিজ্ঞানীৰ দাবী

ABOUT THE AUTHOR

...view details