অসম

assam

By

Published : Oct 21, 2020, 3:33 PM IST

ETV Bharat / international

পাকিস্তানত ভয়াৱহ বিস্ফোৰণঃ নিহত 5, আহত 20

কৰাচী বিশ্ববিদ্যালয়ৰ মাস্কন গেটৰ সন্মুখত থকা এটা চাৰি মহলীয়া অট্টালিকাত এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে বিস্ফোৰণৰ প্ৰকৃতি উৎসৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ৷

At least 3 killed, 15 injured as explosion rocks Pakistan's Karachi
পাকিস্তানত ভয়ংকৰ বিস্ফোৰণত নিহত 5, আহত 20

নিউজ ডেস্ক, 21 অক্টোবৰ :বুধবাৰে কৰাচীৰ গুলশান-ই-ইকবাল অঞ্চলত হোৱা বিস্ফোৰণত কমেও ৫ জন লোক নিহত হোৱাৰ উপৰিও ২০ জন লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি পাকিস্তানী সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। আঘাতপ্ৰাপ্ত আৰু মৃত লোক সকলক পেটেল চিকিৎসালয়লৈ লৈ যোৱা হৈছে; স্থানীয় সংবাদ মাধ্যমে সদৰি কৰিছে এই তথ্য ।

পাকিস্তানত ভয়ংকৰ বিস্ফোৰণত নিহত 5, আহত 20

প্ৰাপ্ত তথ্য মতে, কৰাচী বিশ্ববিদ্যালয়ৰ মাস্কন গেটৰ সন্মুখত থকা এটা চাৰি মহলীয়া অট্টালিকাত এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে বিস্ফোৰণৰ প্ৰকৃতি উৎসৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে। ইফালে মুবিনা টাউন আৰক্ষীৰ এছ.এছ.অ’ৰ ফালৰ পৰা অনুমান কৰা হৈছে যে " এয়া এক চিলিণ্ডাৰ বিস্ফোৰণৰ ঘটনা"। ইতিমধ্যে এই ঘটনাক লৈ এক বিতং প্ৰতিবেদন দাখিল কৰিবলৈ চিন্দৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী মুৰাদ আলী শ্বাহে কৰাচী কমিছনাৰক নিৰ্দেশ জাৰি কৰিছে।

উল্লেখ্য যে, কৰাচী চহৰৰ ছিৰিন জিনাহ কলনিৰ ওচৰৰ এটা বাছ টাৰ্মিনেলৰ প্ৰৱেশদ্বাৰত বোমা বিস্ফোৰণ হোৱাৰ ঠিক এটা দিন পিছতে এই ঘটনাটো সংঘটিত হয় ।

লগতে পঢ়ক: মহানগৰীত গ্ৰেপ্তাৰ IPLৰ দুই জুৱাৰী

ABOUT THE AUTHOR

...view details