অসম

assam

ETV Bharat / international

ড্ৰাগছ, মানৱ সৰবৰাহকাৰী 7 ৰোহিংগীয়াক গুলীয়াই হত্যা বাংলাদেশত - মালয়েছিয়া

যোৱা মাহত শিশু আৰু মহিলাসহ 138 জন ৰোহিংগীয়া মুছলমান মালয়েছিয়ালৈ পলায়ন কৰে ৷ সেই সকলৰ ভিতৰত প্ৰায় 44 জন ৰোহিংগীয়া মুছলমান সন্ধানহীন হৈ আছে ৷ বাংলাদেশৰ উপকূলীয় অঞ্চলৰ পৰা পলায়ন কৰিব বিচৰা 700 ৰোহিংগীয়া মুছলমানক বাংলাদেশ কতৃপক্ষই আটক কৰিবলৈ সক্ষম হয় ৷

ড্ৰাগছ, মানৱ সৰবৰাহকাৰী 7 ৰোহিংগীয়াক গুলীয়াই হত্যা বাংলাদেশত
ড্ৰাগছ, মানৱ সৰবৰাহকাৰী 7 ৰোহিংগীয়াক গুলীয়াই হত্যা বাংলাদেশত

By

Published : Mar 2, 2020, 7:44 PM IST

কক্সবাজাৰ, 2 মাৰ্চঃ সোমবাৰে বাংলাদেশত বিশেষ অভিযানকাৰী গোটে ড্ৰাগছ আৰু মানৱ সৰবৰাহকাৰী কাৰ্যত জড়িত থকা 7 জন লোকক গুলিয়াই হত্যা কৰে বাংলাদেশক শৰণাৰ্থী শিবিৰৰ ওচৰত ৷ এই কথা প্ৰকাশ কৰিছে বাংলাদেশৰ অভিযানকাৰী গোটৰ সূত্ৰই ৷

ম্যানমাৰত শাসকীয় পক্ষই ৰোহিংগীয়া সকলৰ ওপৰত চলোৱা আক্ৰমণৰ পিচত লক্ষাধিক ৰোহিংগীয়াই পলায়ন কৰি বাংলাদেশত প্ৰৱেশ কৰিছিল ৷ তেতিয়াৰ পৰা বিগত আঢ়ৈ বছৰ ধৰি দক্ষিণ পূৱ বাংলাদেশ এলেকাত এক উদ্বেগজনক পৰিৱেশে বিৰাজ কৰি আহিছে ৷ বাংলাদেশৰ ৰেপিড এক্সন বেটেলিয়নৰ তথ্য অনুসৰি ৰোহিংগীয়াৰ কুখ্যাত অপৰাধী জকিৰৰ নেতৃত্বত চলা ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে প্ৰায় তিনি ঘন্টাজোৰা অভিযান চলে ৷ এই অভিযানত নিহত হোৱা 7 জন কুখ্যাত ৰোহিংগীয়া অপৰাধীৰ মৃতদেহ পোৱা গৈছে বুলি ৰেপি়ড এক্সন বেটেলিয়নৰ মুখপাত্ৰ আব্দুল্লা শ্বেখে প্ৰকাশ কৰে ৷

উল্লেখ্য যে, যোৱা মাহত শিশু আৰু মহিলাসহ 138 জন ৰোহিংগীয়া মুছলমান মালয়েছিয়ালৈ পলায়ন কৰে ৷ সেই সকলৰ ভিতৰত প্ৰায় 44 জন ৰোহিংগীয়া মুছলমান সন্ধানহীন হৈ আছে ৷ বাংলাদেশৰ উপকূলীয় অঞ্চলৰ পৰা পলায়ন কৰিব বিচৰা 700 ৰোহিংগীয়া মুছলমানক বাংলাদেশ কতৃপক্ষই আটক কৰিবলৈ সক্ষম হয় ৷ বাংলাদেশ আৰু ম্যানমাৰৰ মাজত প্ৰত্যাৰ্পণ চুক্তি আছে যদিও ৰোহিংগীয়া মুছলমান সকলে নিৰাপত্তাৰ দোহাই ম্যানমাৰলৈ উভতি যাবলৈ অস্বীকাৰ কৰি আহিছে ৷

লগতে চাওকঃ

চিৰাঙত উদযাপন বড়োলেণ্ড আন্ধোলন দিৱস

ABOUT THE AUTHOR

...view details