অসম

assam

ETV Bharat / international

ধাৰাবাহিক বিস্ফোৰণত কঁপিল শ্ৰীলংকা - বোমা বিস্ফোৰণ

আঠটাকৈ বিস্ফোৰণত শ্ৰীলংকাত প্ৰাণ হেৰুৱালে 156 জনকৈ লোকে৷ নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে শ্ৰীলংকাৰ কৰ্তৃপক্ষই৷

ধাৰাবাহিক বিস্ফোৰণত কঁপিল শ্ৰীলংকা

By

Published : Apr 21, 2019, 10:55 AM IST

Updated : Apr 21, 2019, 6:22 PM IST


নিউজ ডেস্ক,21 এপ্ৰিল: এটা দুটা নহয়, আঠটাকৈ বিস্ফোৰণত শ্ৰীলংকাত প্ৰাণ হেৰুৱালে ডেৰশতাধিক লোকে৷ ইষ্টাৰ চানডেৰ প্ৰাৰ্থনাৰ সময়তে আত্মঘাতী বোমাৰুৱে কুটাঘাত সংঘটিত কৰে শ্ৰীলংকাৰ কোচিকাৰে,চেইণ্ট চেবাষ্টিয়ান আৰু বাট্টিকালোৱা নামৰ তিনিটাকৈ গীৰ্জাঘৰত৷ এই বিস্ফোৰণত থিতাতে প্ৰাণ হেৰুৱায় 156 জনকৈ লোকে৷ নিহতৰ সংখ্যা অধিক বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে শ্ৰীলংকাৰ কৰ্তৃপক্ষই৷ ৰাতিপুৱা 8:45 বজাত সংঘটিত হয় এই ভয়ানক বিস্ফোৰণ৷ এই বিস্ফোৰণৰ কিছুসময়ৰ পাচতেই চাংগ্ৰি লা, চিনেমন গ্ৰাণ্ড আৰু কিংগচবেৰী নামৰ তিনিখনকৈ অভিজাত হোটেল আৰু অৰুগৰুৱাট্টা আৰু দেহিৱালা নামৰ আন দুট অঞ্চলতো কুটাঘাতকাৰীয়ে সংঘটিত কৰে বোমা বিস্ফোৰণ৷ বিস্ফোৰণত গুৰুতৰভাৱে আহত হৈছে 560 জনৰো অধিক লোক৷ এই ভয়ানক বিস্ফোৰণৰ পাচতে চুবুৰীয়া ৰাষ্ট্ৰখনত স্থবিৰ হৈ পৰিছে সকলো কাম- কাজ৷ সমগ্ৰ ৰাষ্ট্ৰখনতে প্ৰশাসনে জাৰি কৰিছে 144 ধাৰা৷ ৰাষ্ট্ৰখনত সম্পূৰ্ণভাৱে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা৷ বাতিল কৰা হৈছে ৰে'ল-বিমান সেৱাও৷

ধাৰাবাহিক বিস্ফোৰণত কঁপিল শ্ৰীলংকা

শ্ৰীলংকাৰ এই বিভীষিকাময় পৰিস্থিতিত ৰাষ্ট্ৰখনৰ হকে থিয় দিছে সমগ্ৰ বিশ্ব৷ টুইটাৰযোগে শ্ৰীলংকালৈ সমবেদনা জ্ঞাপন কৰিছে বিশ্বৰ আগশাৰীৰ নেতাই৷ শ্ৰীলংকাৰ আপাতকালীন পৰিস্থিতিত দেশখনৰ প্ৰধানমন্ত্ৰী ৰণিল উইক্ৰেমচিংঘেৰ সৈতে এক টেলিফোনিক বাৰ্তালাপযোগে সমবেদনা জ্ঞাপন কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও৷

Last Updated : Apr 21, 2019, 6:22 PM IST

ABOUT THE AUTHOR

...view details