লছ এঞ্জেলছ,2 জুলাই: গৱেষকসকলৰ গৱেষণাত এটা কথা প্ৰকাশ পাইছে যে, কৰ’ণা ভাইৰাছে আক্ৰান্তৰ শৰীৰৰ কোষৰ পৰা প্ৰ’টিন সমূহ শুহি লৈ অন্য এক আহৰণ সৃষ্টি কৰে ৷ ফলত প্ৰ’টিনসমূহৰ কাৰ্য ৰোধ হোৱাত ভাইৰাছবিধে শৰীৰৰ কোষসমূহক আক্ৰমণ কৰে ৷ ইয়াৰ বাবে সৃষ্টি কৰে এক দীঘলীয়া শৃংখলৰ ৷ সেয়ে অনুমোদন প্ৰাপ্ত প্ৰতিষেধক আৱিস্কাৰ কৰোতে কিছু বাধাৰ সৃষ্টি হ’ব পাৰে ৷
আমেৰিকাৰ ইএমবিএলৰ ইউৰোপীয় বায়’ইনফাৰমেটিক্স ইনষ্টিটিউট চমুকৈ ইবিআই আৰু কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ বৈজ্ঞানিকসকলে উল্লেখ কৰে যে, ভাইৰাছবিধৰ উপসৰ্গক SARC-CoV-2 য়ে নিয়ন্ত্ৰণ কৰে ৷ ভাইৰাছবিধে মাজে মাজে প্ৰ’টিন আৰু এনজাইমৰ দৰে অন্য গুৰুত্বপূৰ্ণ অণুসমূহৰ গতিবিধিত হস্তক্ষেপ কৰে ৷ যিয়ে ইয়াৰ সঞ্চালনত ৰাসায়নিক সংশোধন কৰিবলৈ প্ৰ’টিনৰ গতিবিধি সলনি কৰে ৷