ইন্টাৰনেশ্যনেল ডেস্ক, 29 ডিচেম্বৰ :চৌদি আৰৱ আৰু পাকিস্তানৰ মাজত থকা দুৰ্ৱিসহ সম্পৰ্কৰ মাজতে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ নেতৃত্বত চৌদি আৰৱৰ উচ্চস্তৰীয় প্ৰতিনিধি সকলে জানুৱাৰী মাহত ইছলামাবাদলৈ আনুষ্ঠানিক ভ্ৰমণৰ বাবে আহিব ৷ ভ্ৰমণ কালত দুয়োপক্ষই মধ্য প্ৰাচ্য অঞ্চলৰ শেহতীয়া বিকাশ আৰু অন্যান্য পাৰম্পৰিক বিষয়কে ধৰি কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে চৌদি আৰৱৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ফায়জল ফাৰহান আল-চাউড আৰু শক্তি মন্ত্ৰী আব্দুল আজিজ বিন চালমনৰ সৈতে চৌদি ব্যৱসায়ী আৰু কোম্পানীৰ এটা দলো উপস্থিত থাকিব । কাৰণ চৌদি আৰৱে পাকিস্তানত তেল শোধনাগাৰ স্থাপন কৰাৰ বাবে কেতবোৰ দিশত আলোচনা কৰিব ৷
চৌদি আৰৱৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জানুৱাৰী মাহত ইছলামাবাদলৈ আহিব - চৌদি আৰৱ আৰু পাকিস্তানট
জানুৱাৰী মাহত চৌদি আৰৱৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ নেতৃত্বত উচ্চস্তৰীয় প্ৰতিনিধিৰ দল এটাই ইছলামাবাদলৈ আনুষ্ঠানিক ভ্ৰমণৰ বাবে আহিব ৷ আগষ্ট মাহৰ পৰা দুয়োখন দেশৰ মাজৰ সম্পৰ্কত ব্যৱধান অহাৰ পাচত দুয়োপক্ষই মধ্য প্ৰাচ্য অঞ্চলৰ শেহতীয়া বিকাশ আৰু অন্যান্য পাৰম্পৰিক বিষয়কে ধৰি কেইবাটাও বিষয়ৰ ওপৰত আলোচনা কৰাৰ বাবে জানুৱাৰী মাহত মিলিত হ'ব ৷

উল্লেখ্য যে, আগষ্ট মাহৰ পৰা দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অসাৱধান হৈ পৰিছিল ৷ কাশ্মীৰ বিষয়ত ইচলামাবাদৰ স্থিতিত চৌদি আৰৱৰ সমৰ্থনৰ অভাৱতে সম্পৰ্ককত ফাট মেলিছিল ৷ পুনৰ দুয়োখন দেশে আলোচনাৰ জৰিয়তে দুই দেশৰ সম্পৰ্ক পূৰ্বৰ দৰে কৰাৰ বাবে উঠিপৰি লাগিছে ৷ এটি টেলিভিছন টক শ্ব'ৰ জৰিয়তে পাকিস্তানৰ বৈদেশীক পৰিক্ৰমা মন্ত্ৰী কৈছিল যে, আমাৰ ডাঙৰ ভাই সদৃশ চৌদি আৰৱে আমাক অসন্তুষ্ট কৰিছে৷ গতিকে কাশ্মীৰৰ বিষয়তো সন্দৰ্ভত সমূহ ইচলামিক দেশ আমাৰ ওচৰত ঠিয় দিয়ক ৷ মন্ত্ৰী গৰাকীৰ এনে মন্তব্যৰ পাচতে দুয়োখন দেশৰে সম্পৰ্কৰ মাজত ব্যৱধান আহিছিল ৷ যাৰ ফলতে চৌদি আৰৱে ২০১৮ চনৰ নৱেম্বৰ মাহত পাকিস্তানলৈ আগবঢ়োৱা এক বিলিয়ন ডলাৰ ঋণ হঠাৎ পৰিশোধ কৰিবলৈ অনুৰোধ জনাইছিল ৷
লগতে পঢ়ক:দৈজিং মহোৎসৱৰ সকলো কাৰ্যসূচী বাতিল