অসম

assam

ETV Bharat / international

চৌদি আৰৱে পাকিস্তানৰ মানচিত্ৰৰ পৰা আতৰালে কাশ্মীৰ আৰু গিলগিত-বালিস্তানক - চৌদি আৰৱে পাকিস্তানৰ মানচিত্ৰৰ পৰা আতৰালে কাশ্মীৰ আৰু গিলগিত-বালিস্তানক

চৌদি আৰৱে পাকিস্তানৰ মানচিত্ৰৰ পৰা আতৰালে পাকিস্তান অধীকৃত কাশ্মীৰ আৰু গিলগিত-বালিস্তানক ৷ এয়া চৌদি আৰৱে ভাৰতক দিয়া দীপাৱলীৰ উপহাৰ বুলি মন্তব্য় আমজাদ আয়ুব মিৰ্জাৰ ৷

Saudi Arabia removes PoK, Gilgit-Baltistan from Pakistan's map
চৌদি আৰৱে পাকিস্তানৰ মানচিত্ৰৰ পৰা আতৰালে কাশ্মীৰ আৰু গিলগিত-বালিস্তানক

By

Published : Oct 28, 2020, 5:32 PM IST

ইন্টাৰনেশ্য়নেলডেস্ক, 28 অক্টোবৰ:বুধবাৰে পিওকে কৰ্মী আমজাদ আয়ুব মিৰ্জাই কৈছে যে,চৌদি আৰৱে পাকিস্তানৰ অধীকৃত কাশ্মীৰ আৰু গিলগিত-বালিস্তানক পাকিস্তানৰ মানচিত্ৰৰ পৰা আতৰাই দিছে ৷ তেওঁ এখন ছবি টুইট কৰি লিখিছে যে, এয়া চৌদি আৰৱে ভাৰতক দিয়া দীপাৱলীৰ উপহাৰ ৷ উল্লেখ্য যে, চৌদি আৰৱত 21-22 নৱেন্বৰত G20 শীৰ্ষক এখন সন্মিলনৰ আয়োজন কৰিছে ৷ তাত 20 ৰীয়ল নোট প্ৰদৰ্ষণ কৰা হব ৷ 20 ৰীয়ল নোটত সমগ্ৰ বিশ্বৰ মানচিত্ৰ অংকন কৰা হৈছে কিন্তু মানচিত্ৰৰ পৰা কাশ্মীৰ আৰু গিলগিত-বালিস্তানক পাকিস্তানৰ মানচিত্ৰৰ পৰা আতৰাই দিয়া হৈছে ৷ বৈদেশীক মন্ত্ৰাণালয়ে কৈছিল যে, 15 নৱেন্বৰত হ'ব লগীয়া গিলগিত-বালিস্তানৰ বিধানসভাৰ নিৰ্বাচনৰ বাবে তথ্য সমূহ চোৱা চিতা কৰা হৈছে ৷ ভাৰত চৰকাৰে পাকিস্তান চৰকাৰৰ বিৰুদ্ধে মতামত ব্যক্ত কৰি কয় যে গিলগিত-বালিস্তানসহ জম্মু কাশ্মীৰ আৰু লাডাখ ভাৰতৰে এটি অবিচ্ছেদ্য অংগ ৷ ইফালে ইমৰাণ খান চৰকাৰে এখন নতুন ৰাজনৈতিক মানচিত্ৰ তৈয়াৰ কৰি দাবী উত্থাপন কৰিছে যে ভাৰতৰ জম্মু কাশ্মীৰ,গুজৰাতৰ ক্ৰীক আৰু মানৱাদাৰ লাডাখৰ এটি অংশ ৷ ভাৰত চৰকাৰে জম্মু কাশ্মীৰৰ পৰা 370 নং অনুচ্চেদ তথা বিশেষ ৰাজ্যৰ ক্ষমতা প্ৰদানৰ সুবিধা বাতিল কৰাৰ সিদ্ধান্ত লোৱাৰ প্ৰথম বৰ্ষপূৰ্তিৰ পাছতে মানচিত্ৰখন তৈয়াৰ কৰে ৷

ABOUT THE AUTHOR

...view details