ইণ্টাৰনেশ্যনেল ডেস্ক,৫ মাৰ্চ :ভয়ংকৰ বনজুইৰ কৱলত দক্ষিণ কোৰিয়া (Wildfire in South Korea)। উলজিন চহৰৰ সমীপৰ পাহাৰত সূত্ৰপাত হোৱা এই বনজুই প্ৰায় ৩,০০০ হেক্টৰ ভূমিত বিয়পি পৰিছে । ৯০ টাকৈ বাসগৃহ জ্বলি নিঃশেষ হোৱাৰ লগতে এটা অস্থায়ী পাৰমাণৱিক শক্তি কেন্দ্ৰ আৰু এটা লিকুইফাইড প্ৰাকৃতিক গেছ প্ৰকল্পৰ প্ৰতিও ভাবুকি আহিছে । বনজুই নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে দক্ষিণ কোৰিয়া প্ৰশাসনে ।
জুই নিয়ন্ত্ৰণৰ বাবে ২০০০ ৰো অধিক অগ্নিনিৰ্বাপক বাহিনী আৰু সেনা জোৱান মোতায়েন কৰা হৈছে । শুকুৰবাৰে পুৱা উলজিন চহৰৰ পৰা আৰম্ভ হোৱা এই বিধ্বংসী বনজুই চামচিওক চহৰলৈ বিয়পি পৰা দেখা গৈছে । জুইৰ ফলত প্ৰায় ৯০ টাকৈ ঘৰ আৰু অন্যান্য অট্টালিকাসমূহ ধ্বংসস্তুপত পৰিণত হৈছে । প্ৰায় ৬,০০০ লোকক সেই স্থানৰ পৰা সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে ।