অসম

assam

ETV Bharat / international

আফগানসকলৰ বাবে আশাৰ ৰেঙণি ? - আফগানিস্তান

নিৰাপত্তা পৰিষদৰ ২০১৮ চনৰ এপ্ৰিলৰ এক প্ৰতিবেদন মতে আল কায়দাই প্ৰায় তালিবানৰ লগত একত্ৰিত হৈছে আৰু তালিবানে কমেও বিশটা সন্ত্ৰাসবাদী সংগঠনৰ সমৰ্থন আদায় কৰিছে । আফগানিস্তানৰ আধা অংশত শাসন কৰা তালিবানক শান্তি চুক্তিৰ নামত বিশ্বাস কৰাটো মূৰ্খামিৰ বাদে আন একো নহয় ।

RAY OF HOPE FOR AFGHAN
আফগানসকলৰ বাবে আশাৰ ৰেঙণি

By

Published : Mar 5, 2020, 4:38 PM IST

২০০১ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই আফগানিস্তানত যুদ্ধৰে শান্তি প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে ‘Enduring Freedom’ অভিযান চলায় । নাটোৰ অন্তৰ্ভুক্ত দেশসমূহৰ সহায়ত আল-কায়দা আৰু তালিবানক নিঃশেষ কৰিবলৈ আমেৰিকাই এই অভিযান হাতত লৈছিল । অ’বামাৰ শাসনকালতে যদিও ওছামা বিন লাডেনক হত্যা কৰা হৈছিল, মুৰব্বী অবিহনে আল-কায়দাক এৰি তালিবানে সন্ত্ৰাসাবদী কাৰ্যকলাপ অব্যাহত ৰাখিছিল । যদিও আমেৰিকাৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি ডিক চেনেয়ে কৈছিল যে আফগান যুদ্ধ গালফ যুদ্ধ সদৃশ নহয় আৰু ই অবিৰতভাৱে চলি থাকিব, আমেৰিকাই ১৮ বছৰৰ ৰক্তপাতৰ অৱসান ঘটাই তালিবানৰ সৈতে চুক্তিত স্বাক্ষৰ কৰিছে । ডোহাত আমেৰিকা আৰু তালিবানৰ প্ৰতিনিধিয়ে স্বাক্ষৰ কৰা চুক্তিখনে স্থায়ী শান্তিৰ আশা কঢ়িয়াইছে । শান্তি চুক্তিখন চাৰিটা মূল বিষয়ৰ ওপৰত ভিত্তি কৰি স্বাক্ষৰ কৰা হৈছে । তালিবানৰ কোনো এজন সদস্য, ব্যক্তি বা সন্ত্ৰাসবাদী সংগঠনে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইয়াৰ মিত্ৰ দেশসমূহৰ নিৰাপত্তাক ভাবুকি দিবলৈ আফগানিস্তানক ব্যৱহাৰ নকৰিব বুলি প্ৰতিশ্ৰুতি দিছে । নিৰ্দিষ্ট সময়ত ভিতৰত আমেৰিকাই আফগানিস্তানত সেনাৰ সংখ্যা হ্ৰাস কৰিবলৈ মান্তি হৈছে । ১০ মাৰ্চৰ পৰা আৰম্ভ হ’বলগীয়া এই চুক্তিখনত শান্তি স্থাপন কৰাৰ বাবে বিভিন্ন পক্ষৰ সৈতে আলোচনা, দেশখনৰ ভৱিষ্যত দিনৰ কৰ্মপন্থা যুগুত কৰা আৰু সেইবোৰ ৰূপায়ণ কৰাৰ বাবে যুটীয়া ব্যৱস্থা গ্ৰহণ আদি বিষয় অন্তৰ্ভুক্ত হৈছে । আফগান ৰাষ্ট্ৰপতি আশ্ৰফ গণিয়ে চুক্তিৰ অংশ স্বৰূপে এহেজাৰ তালিবানী কাৰাবন্দীক মুকলি কৰি দিয়া চৰ্তটো মানি নলয় বুলি ঘোষণা কৰিছে । বোমা বিস্ফোৰণ আৰু কালাছনিকোভৰ গুলীয়াগুলী যিখন দেশত স্বাভাৱিক সেইখন দেশ আফগানিস্তানৰ বাবে এই শান্তি চুক্তি কিমান দূৰ ফলপ্ৰসূ হ’ব সেয়া কোনেও ভৱিষ্যদ্বাণী কৰিব নোৱাৰে ।

২০১৯ চনৰ জুলাইত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে কৈছিল যে তেওঁ পৃথিৱীৰ পৰা আফগানিস্তানক নিশ্চিহ্ন কৰিব পাৰে যদিও তেওঁ ১০ মিলিয়ন লোকৰ মৃত্যু হোৱাটো নিবিচাৰে । যদিও ভাৰতবৰ্ষই সন্ত্ৰাসবাদৰ উত্থানকলৈ উদ্বেগ প্ৰকাশ কৰি আহিছিল আমেৰিকা যুক্তৰাষ্ট্ৰ আমাৰ শংকাক গুৰুত্ব প্ৰদান কৰা নাছিল । টুইন টাৱাৰৰ আক্ৰমণৰ ফলত যেতিয়া সন্ত্ৰাসবাদৰ জুইয়ে আমেৰিকাক আৱৰি ধৰিছিল তেতিয়াহে দেশখনে ব্যৱস্থা গ্ৰহণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে । তদানীন্তন ৰাষ্ট্ৰপতি জৰ্জ বুশ্বে সুপ্ত শত্ৰুক মষিমূৰ কৰিবলৈ যুদ্ধৰ প্ৰয়োজন বুলি কৈছিল । তাৰ পাছত ২০০১ চনৰ যুদ্ধত কাবুল, কান্দাহাৰ, জালালাবাদ আৰু হেৰাটত শ শ নিৰপৰাধী লোকৰ মৃত্যু হৈছিল । যদিও ৰাষ্ট্ৰসংঘই ২০১৪ চনত আফগান যুদ্ধৰ অন্ত পৰা বুলি সংকেত দিছিল, যুদ্ধৰ প্ৰথম ছয় মাহত চৰকাৰী আৰু বিদেশী সেনা বাহিনীৰ হাতত ৭১৭ জন সাধাৰণ লোকৰ মৃত্যু হৈছিল আৰহু তালিবানৰ আক্ৰমণত ৫৩১ জন সাধাৰণ নাগৰিকৰ মৃত্যু হৈছিল । যুদ্ধোত্তৰ পৰ্যালোচনাত লাখ লাখ ডলাৰৰ যুদ্ধ ব্যয় আৰু ২৪০০ আমেৰিকান সেনাৰ মৃত্যুৰ বাবে ট্ৰাম্পে তীব্ৰভাৱে গৰিহণা দি যুদ্ধ শেষ কৰাৰ সিদ্ধান্ত লয় । এই শক্তিশালী দেশখনৰ উচ্চাকাংক্ষা আছিল আফগান জালৰ পৰা মুক্ত হোৱা আৰু বিশ্বৰ আন প্ৰান্তত আধিপত্য স্থাপন কৰা যদিও আফগানিস্তানত তালিবানে ৰক্তপাত বন্ধ কৰা নাছিল । পৰৱৰ্তী চাৰি মাহত যদিও অধিকাংশ আমেৰিকান সৈন্যক আফগানিস্তানৰ পৰা প্ৰত্যাহাৰ কৰা হৈছিল, যুদ্ধ পিপাসু তালিবান শক্তিয়ে আফগানিস্তানৰ শান্তিত ব্যাঘাত সৃষ্টি নকৰাকৈ থাকিবনে নাই সেয়া সন্দেহৰ বিষয় ।

নিৰাপত্তা পৰিষদৰ ২০১৮ চনৰ এপ্ৰিলৰ এক প্ৰতিবেদন মতে আল কায়দাই প্ৰায় তালিবানৰ লগত একত্ৰিত হৈছে আৰু তালিবানে কমেও বিশটা সন্ত্ৰাসবাদী সংগঠনৰ সমৰ্থন আদায় কৰিছে । আফগানিস্তানৰ আধা অংশত শাসন কৰা তালিবানক শান্তি চুক্তিৰ নামত বিশ্বাস কৰাটো মূৰ্খামিৰ বাদে আন একো নহয় । আমেৰিকাই বিচৰা ধৰণে তালিবানে আন্তঃৰাষ্ট্ৰীয় আক্ৰমণ নকৰিব বুলি নিশ্চয়তা প্ৰদান কৰিছে যদিও শান্তি আলোচনাত সন্ত্ৰাসবাদ মানে কি বুজায় তাকে লৈ প্ৰশ্ন উত্থাপন কৰিছে । য’ত ৰাষ্ট্ৰসংঘই সঠিকভাৱে সন্ত্ৰাবসাদ কি তাৰ ব্যাখ্যা দিব নোৱাৰে আফগানিস্তনক নিজৰ ভৱিষ্যতত এৰি দি আমেৰিকাই জোৰকৈ এক শান্তি চুক্তি সম্পাদন কৰিছে । শান্তি স্থাপনৰ উদ্দেশ্যে আফগানিস্তানত আন্তঃগাঁথনি উন্নয়নৰ বাবে ৭৫ হাজাৰ কোটি টকা ব্যয় কৰা ভাৰতবৰ্ষ সন্ত্ৰাসবাদৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে । যদি তালিবানে আফগানিস্তান দখল কৰে তেন্তে ভাৰতবৰ্ষৰ কি হ’ব সেয়া স্পষ্ট । পৃথিৱীৰ হেৰইন যোগানৰ ৯০ শতাংশই আহে আফগানিস্তানৰ পৰা । তালিবানৰ ৰাজহৰ প্ৰায় ৬০ শতাংশ সংগ্ৰহ হয় কেৱল ড্ৰাগছ সৰবৰাহৰ পৰাই । ইণ্টাৰনেচনেল নাৰকটিকঠ কন্ট্ৰ’ল ব’ৰ্ডে প্ৰকাশ কৰা অনুসৰি হেৰইন উৎপাদনৰ বাবে মূল ৰাসায়নিক সামগ্ৰী ভাৰতবৰ্ষৰ পৰা সৰবৰাহ হয় । ভাৰতবৰ্ষই দেশৰ ড্ৰাগছ মাফিয়াক মষিমূৰ কৰাৰ বাবে সন্তৰ্পণে অভিযান গ্ৰহণ কৰিব লাগিব যাতে তালিবানৰ শাসনৰ অন্ত পৰে ।

ABOUT THE AUTHOR

...view details