ইন্টাৰনেশ্বনেল ডেস্ক, 29 নৱেম্বৰ : তিনিদিনৰ বাবে ভাৰত ভ্ৰমণৰত নৱ নিৰ্বাচিত শ্ৰীলংকান ৰাষ্ট্ৰপতি গোটাবায়া ৰাজাপাকসাক ৰাষ্ট্ৰপতি ভৱনত উষ্ম আদৰণি জনালে ৰাষ্ট্ৰপতি ৰাম নাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ইয়াৰ পাচতে ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীক স্মৰণ কৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৷
ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্বন্ধ সুদৃঢ় কৰাৰ লক্ষ্যৰে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰে আলোচনাত মিলিত হ'ব ৰাষ্ট্ৰপতিগৰাকী ৷ কিছুদিন পূৰ্বে শ্ৰীলংকাত অনুষ্ঠিত নিৰ্বাচনত ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাচতে ভাৰত ভ্ৰমণ কৰে ৰাজাপাকসাই ৷ বৃহস্পতিবাৰে দেশৰ ৰাজধানী দিল্লীত উপস্থিত হোৱা ৰাষ্ট্ৰপতিগৰাকীক কেন্দ্ৰীয় মন্ত্ৰী ভি. কে. সিঙে উষ্ম আদৰণি জনায় ৷