অসম

assam

ETV Bharat / international

কাটাৰে মুকলি কৰিলে ২০২২ বিশ্বকাপৰ তৃতীয়খন ষ্টেডিয়াম - কাটাৰ ২০২২ বিশ্বকাপ

মহামাৰী COVID-19 ৰ প্ৰতিৰোধৰ কোনো ভেকচিন আবিষ্কাৰ নহোৱা পৰ্যন্ত বিভিন্ন সংস্থা তথা খেল আয়োজক সকলে কেনেদৰে অনুষ্ঠানৰ আয়োজন কৰে সেয়া বিবেচনা তথা চিন্তীনীয় বিষয় বুলি সোমবাৰে মত প্ৰকাশ কৰে কাটাৰৰ আয়োজক সিমিতিৰ মহাসচিব অল থবাডীয়ে । সোমবাৰে কাটাৰ ২০২২ বিশ্বকাপৰ তৃতীয়খন ষ্টেডিয়ামৰ উদ্বোধনী অনুষ্ঠানত এই মন্তব্য কৰে আয়োজক গাৰকীয়ে ।

কাটাৰ
কাটাৰে মুকলি কৰিলে ২০২২ বিশ্বকাপৰ তৃতীয়খন ষ্টেডিয়াম

By

Published : Jun 16, 2020, 4:15 PM IST

নিউজ ডেস্ক, ১৬ জুনঃ বিশ্বত্ৰাসকাৰী কৰ'ণা ভাইৰাছ কেনেদৰে প্ৰতিৰোধ তথা বিশ্বকাপৰ ষ্টেডিয়াম কৰ'ণা মুক্ত কৰি ৰখা সন্দৰ্ভত ইংলিছ প্ৰীমিয়াৰ লীগ আৰু বুণ্ডেছলীগৰ সৈতে কথা-বাৰ্তা চলি আছে বুলি মত প্ৰকাশ কৰে কাটাৰৰ মুখ্য আয়োজকে । সোমবাৰে কাটাৰ ২০২২ বিশ্বকাপৰ তৃতীয়খন ষ্টেডিয়ামৰ উদ্বোধনী অনুষ্ঠানত এই কথা সদৰি কৰে আয়োজক গৰাকীয়ে ।

কাটাৰে মুকলি কৰিলে ২০২২ বিশ্বকাপৰ তৃতীয়খন ষ্টেডিয়াম

তাৰোপৰি কাটাৰৰ আয়োজক সিমিতিৰ মহাসচিব অল থবাডীয়ে কয় যে,এই সংকটৰ সময়ছোৱাৰ পৰা আমি ইজনে-সিজনৰ পৰা শিকাৰ সময় । আমাৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ যে আমাৰ হাতত কাটাৰ ২০২২ বিশ্বকাপলৈ এতিয়াও দুবছৰ সময় আছে । আমি এতিয়া বেগেল অনুষ্ঠান তথা লোকসকৰ পৰা এয়া শিকিব লাগিব যে COVID-19ৰ ভেকচিন নোলোৱা পৰ্যন্ত সংস্থান সমূহে কেনেদৰে অনুষ্ঠান সমূহ তথা বিভিন্ন ধৰণৰ খেল আয়োজন কৰে ।

উল্লেখ্য যে, মহামাৰী COVID-19ৰ প্ৰতিৰোধৰ বাবেই সোমবাৰে ডিজিটেল মাধ্যমেৰে কাটাৰ ২০২২ বিশ্বকাপৰ তৃতীয়খন ষ্টেডিয়ামৰ উদ্বোধনী কৰে ।

লগতে চাওকঃ 'ৰাজীৱ গান্ধী খেল ৰত্ন'ৰ বাবে হিমা দাস আৰু 'অৰ্জুন বঁটা'ৰ বাবে মনোনীত লাভলীনা

ABOUT THE AUTHOR

...view details