অসম

assam

By

Published : May 28, 2020, 3:39 PM IST

ETV Bharat / international

বাংলাদেশৰ হাস্পতালত অগ্নিকাণ্ডঃ তদন্ত সমিটি গঠন

বুধবাৰে নিশা প্ৰায় ১০ বজাত ঢাকাৰ ইউনাইটেড হাস্পতালৰ আইচ'লেশ্যন শাখাত সংঘটিত হয় অগ্নিকাণ্ড । অগ্নিকাণ্ডৰ ফলত ৫ গৰাকীকৈ লোকে মৃত্যুক সাৱটি লয় ।

Probe opens into Bangladesh hospital fire
Probe opens into Bangladesh hospital fire

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৮ মে': বাংলাদেশ অগ্নিনিৰ্বাপক সেৱাই অনুসন্ধানৰ বাবে এখন ৪ জনীয়া তদন্ত সমিটি গঠন কৰিছে । এই সমিটিখনে বুধবাৰে ঢাকাৰ ইউনাইটেড হাস্পতালৰ আইচ'লেশ্যন শাখাত সংঘটিত হোৱা অগ্নিকাণ্ডৰ বিষয়ে তদন্ত কৰিব, য'ত কৰ'ণাত আক্ৰান্ত ৰোগীসহ ৫ গৰাকী লোকে মৃত্যুক সাৱটি লয় ।

এই সমিটিখনক অতি শীঘ্ৰেই প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে বুলি জনায়, আবুল আজাদে ।

বুধবাৰে নিশা প্ৰায় ১০ বজাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছিল । বাহিৰত থকা দাহ্য পদাৰ্থৰ সংস্পৰ্শত আহি এই অগ্নিকাণ্ড অধিক ভয়াৱহ হৈ পৰে ।

অগ্নিদগ্ধ হৈ মৃত্যু হোৱা ৫ গৰাকী লোকৰ ভিতৰত দুগৰাকী দেহত COVID-19 ৰ অৱস্থিতি নাছিল বুলি প্ৰকাশ কৰে ঢাকা মহানগৰ আৰক্ষীৰ উপ আয়ুক্ত সুদীপ কুমাৰ চক্ৰৱৰ্তীয়ে ।

আধা ঘন্টাৰ ভিতৰত অগ্নিনিৰ্বাপক বাহিনীৰ তিনিটা শাখাই অগ্নিকাণ্ড নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছিল যদিও, সেই সময়ছোৱাৰ ভিতৰতে ৪ টাকৈ কক্ষৰ পৰিকাঠামো সম্পূৰ্ণভৱে ভষ্মীভূত হৈছিল ।

ABOUT THE AUTHOR

...view details