নেশ্যনেল ডেস্ক , 20 আগষ্ট : ৰাজধানী কাবুলকে ধৰি তালিবানে আফগানিস্তান দখল কৰাৰ লগে লগে সমগ্ৰ বিশ্বৰ পৰিৱেশ সলনি হ'বলৈ ধৰিছে ৷ বিশ্বৰ অন্য ৰাষ্ট্ৰসমূহৰ লগতে ভাৰতকো ই প্ৰভাৱিত কৰা পৰিলক্ষিত হৈছে ৷ আফগানিস্তান দখল কৰাৰ পাচতে তালিবানে ভাৰতৰ সৈতে সামগ্ৰীৰ আমদানি আৰু ৰপ্তানি নিষিদ্ধ কৰিছে ৷ Federation of India Export Organizationৰ অজয় চাহাইও এই কথা নিশ্চিত কৰিছে ৷
ভাৰতে আফগানিস্তানলৈ চেনী, চাহ, কফি, মচলা আৰু অন্যান্য বস্তু ৰপ্তানি কৰে ৷ ভাৰতেও আফগানিস্তানৰ পৰা শুকান ফল, পিয়াজ আদি আমদানি কৰে ৷ কিন্তু আফগানিস্তানৰ দখল নিজৰ নিয়ন্ত্ৰণলৈ নিয়াৰ লগে লগে লগে তালিবানে এই সামগ্ৰী আমদানি-ৰপ্তানি প্ৰক্ৰিয়া বন্ধ কৰি দিছে ৷ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ভাৰতত শুকান ফলৰ মূল্য বৃদ্ধি হ'বলৈ আৰম্ভ কৰিছে ৷
লগতে পঢ়ক :তালিবানে নহয়, অমৰুল্লাহ চালেহে চলাব আফগানিস্তান: পিছে কোন এই চালেহ ?
হাৰিয়ানাতো ইতিমধ্যে ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ৷ জানিব পৰা মতে, হাৰিয়ানাত কাঠবাদাম(almonds)ৰ মূল্য পূৰ্বৰ প্ৰতি কিলোগ্ৰামৰ ৬৫০ টকাৰ পৰা ৯০০ টকাৰ পৰা ১,০০০ টকালৈ বৃদ্ধি পাইছে ৷ একে সময়তে, আফগানিস্তানৰ পৰা অহা আঞ্জিৰ(figs ) আৰু পেছাৱাৰ(Peshawar)ৰ পৰা অহা পিস্তা(pistachios)ৰ হাৰো আকাশচুম্বী হৈছেগৈ ৷