নিউজ ডেস্ক, 24 জানুৱাৰী:20 ডিচেম্বৰত নেপালৰ প্ৰধানমন্ত্ৰী কে. পি শৰ্মা অলিয়ে একপক্ষীয়ভাৱে সংসদ ভংগৰ সিদ্ধান্ত লোৱাৰ পাছতে নেপাল কমিউনিষ্ট পাৰ্টী প্ৰায় দুভাগত বিভক্ত হৈ পৰিছে ৷ অনুষ্ঠানিকভাৱে দলটো দুই ভাগত বিভক্ত ন'হলেও দলৰ ভিতৰত কলহ তথা বিভাজন হোৱাৰ কথাষাৰ প্ৰায় নিশ্চিত হৈ পৰিছে ৷
প্ৰধানমন্ত্ৰী অলিৰ সিদ্ধান্তৰ পাছতে নেপাল কমিউনিষ্ট দলে দুটা দলৰ দৰে আচৰণ কৰা পৰিলক্ষিত হৈছে ৷ ইয়াৰ প্ৰথমটো দলৰ নেতৃত্বত প্ৰধানমন্ত্ৰী গৰাকী নিজে থকাৰ বিপৰীতে অন্যটো দলক নেতৃত্ব দিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল উৰফে প্ৰচণ্ড আৰু মাধৱ কুমাৰে ৷ নিৰ্বাচন আয়োগৰ স্বীকৃতিলৈ অপেক্ষা কৰি থকাৰ পৰিপ্ৰেক্ষিততে দুয়োটা দলেই এতিয়া একে নামৰ বেনাৰত দেশখনৰ ভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা দেখা গৈছে ৷