অসম

assam

ETV Bharat / international

প্ৰেজ আৰিফ আলভিৰ পদত্যাগৰ দাবী পি.পি.পি.ৰ - উচ্চতম ন্যায়ালয়

পাকিস্তান পিপল্চ পাৰ্টী (পিপিপি)য়ে ৰাষ্ট্ৰপতি আৰিফ আলভিৰ বিৰুদ্ধে দেশৰ সংবিধান উলংঘা কৰাৰ অভিযোগ তুলিছে আৰু ন্যায়াধীশ কাজি ফেজ ইচা সম্পৰ্কীয় গোচৰত উচ্চতম আদালতে দিয়া সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত তেওঁক স্বেচ্ছাই অৱসৰ ল'বলৈ কয় ।

PPP demands Prez Arif Alvi's resignation
প্ৰেজ আৰিফ আলভিৰ পদত্যাগৰ দাবী পি.পি.পি.ৰ

By

Published : Oct 29, 2020, 4:54 PM IST

নিউজ ডেস্ক, 29 অক্টোবৰ: পাকিস্তান পিপল্চ পাৰ্টী (পিপিপি)য়ে ৰাষ্ট্ৰপতি আৰিফ আলভিৰ বিৰুদ্ধে দেশৰ সংবিধান উলংঘা কৰাৰ অভিযোগ তুলিছে আৰু ন্যায়াধীশ কাজি ফেজ ইচা সম্পৰ্কীয় গোচৰত উচ্চতম আদালতে দিয়া সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত তেওঁক স্বেচ্ছাই অৱসৰ ল'বলৈ কয় ।

"মই আশা কৰি আছিলো যে উচ্চতম ন্যায়ালয়ৰ ৰায় প্ৰকাশৰ পিছত ৰাষ্ট্ৰপতিয়ে নিজে স্বেচ্ছাই পদত্যাগ কৰিব । কিন্তু, এতিয়া এসপ্তাহ অতিক্ৰম হ'ব ওলাইছে, কিন্তু ৰাষ্ট্ৰপতিয়ে এতিয়াও পদত্যাগ কৰা নাই । সেয়েহে সকলো পৰিস্থিতিৰ প্ৰতি দৃষ্টি ৰাখি ৰাষ্ট্ৰপতিয়ে পদত্যাগ কৰাটো উপযুক্ত হ'ব," বুধবাৰে এক সংবাদমেলত পিপিপি চিনেটৰ ৰাজা ৰব্বানীয়ে এই মন্তব্য কৰে ।

ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাঅভিযোগ প্ৰসংগক আগবঢ়াই ৰব্বানীয়ে কয় যে, পিডিএম নেতৃত্বই এই বিষয়ে সিদ্ধান্ত ল'ব আৰু তেওঁ পিডিএমৰ বিশেষ সমিতিখন শীঘ্ৰে সাক্ষাৎ কৰিব আৰু ৰাষ্ট্ৰপতিৰ পদত্যাগৰ দাবী কেনেদৰে বৃদ্ধি কৰিব লাগে আৰু ইয়াৰ বাবে তেওঁলোকে কি কৌশল গ্ৰহণ কৰিব লাগে তাৰ বাবে এক ৰণনীতি প্ৰস্তুত কৰিব ৷

লগতে পঢ়ক: ট্ৰাম্প : আমেৰিকাৰ ইতিহাসৰ সৰ্বাধিক চৰ্চিত ৰাষ্ট্ৰপতি

ABOUT THE AUTHOR

...view details