ইন্টাৰনেশ্যনেল ডেস্ক, 7 নৱেম্বৰ :পাকিস্তানৰ সন্ত্ৰাসবাদ নিৰ্মূল আৰক্ষী শাখাই জানিবলৈ দিয়া অনুসৰি, পূৱ পাঞ্জাৱত এক অপাৰেছনত নিহত হৈছে দুই সন্ত্ৰাসবাদী ৷
শনিবাৰে প্ৰকাশ কৰা এক বিবৃতিত আৰক্ষীয়ে কয় যে, সন্ত্ৰাসবাদী দুটাই ডেৰা গাজী খান জিলাত হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰাৰ পৰিকল্পনা কৰিছিল ৷ সন্ত্ৰাসবাদ নিৰ্মূল আৰক্ষী শাখাৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি, চোতি বালা নামৰ স্থানৰ পৰা আৰক্ষীলৈ সন্ত্ৰাসবাদী কেইটাই গুলীচালনা কৰিছিল ৷