নিউজ ডেস্ক, 23 ডিচেম্বৰ : নেপালত উচ্চতম ন্যায়ালয়ে চৰকাৰ ভংগ কৰা সন্দৰ্ভত দাখিল কৰা আবেদন সমূহক গ্ৰহণ কৰিছে ৷ শুকুৰবাৰৰ পৰা মুখ্য ন্যায়াধীশ সহিতে চাৰিগৰাকী ন্যায়াধীশৰ পীঠে এই সন্দৰ্ভত শুনানি প্ৰদান কৰিব ৷
ইয়াৰ মাজতে নেপালৰ প্ৰধানমন্ত্ৰী কে.পি. শৰ্মা অলিক নেপালৰ কমিউনিষ্ট দলৰ সংসদীয় নেতাৰ পদৰ পৰা বহিষ্কাৰ কৰা হয় ৷ ইয়াৰ পাছতে নেপালৰ শাসনাধিষ্ঠ ৰাজনৈতিক দলটোৰ ভিতৰচৰাত এক তীব্ৰ ৰাজনৈতিক সংকটৰ সৃষ্টি হৈছে ৷ পুষ্পকমল দহাল আৰু মাধৱ কুমাৰ নেপালৰ মাজত হোৱা এক বৈঠকৰ পাছতে অলিক পদৰ পৰা আঁতৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷