অসম

assam

ETV Bharat / international

RCEP ত ভাৰতৰ অৰ্থনীতিক তৰান্বিত কৰাৰ উদ্দেশ্য উপযুক্ত পদক্ষেপ লোৱাৰ আহ্বান মোডীক - PM Modi urged to take bold step to put India

Regional Comprehensive Economic Partnership (RCEP) ত ভাৰতৰ অৰ্থনীতিক তৰান্বিত কৰাৰ উদ্দেশ্য ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক উপযুক্ত ব্যৱস্থা গ্ৰহণৰ আহ্বান ছিংগাপুৰ স্থিতিত ব্যৱসায়ী প্ৰতিষ্ঠান এপেক্স এভালন কঞ্চালটিঙৰ সঞ্চালক গিৰিজা পাণ্ডে, আৰু এছিয়ান ট্ৰেড চেণ্টাৰৰ নিৰ্দেশক ড0 দেবৰা এলম্ছৰ (Elms)৷

RCEP ত ভাৰতৰ অৰ্থনীতিক তৰান্বিত কৰাৰ উদ্দেশ্য উপযুক্ত পদক্ষেপ লোৱাৰ আহ্বান মোডীক

By

Published : Sep 5, 2019, 11:18 PM IST

আন্তঃৰাষ্ট্ৰীয় ডেস্ক, 5 ছেপ্তেম্বৰঃ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আঞ্চলিক সমন্বিত অর্থনৈতিক অংশীদাৰিত্ব (RCEP) বাবে ভাৰতক এছিয়াৰ অৰ্থনৈতিক ক্ষেত্ৰত মুখ্য ভূমিকা পালনৰ ক্ষেত্ৰত এক উপযুক্ত পদক্ষেপ লোৱাৰ আহ্বান ছিংগাপুৰৰ উক্ত দুই ব্যৱসায়িক নেতাৰ ৷ এই সন্দৰ্ভত অহা নৱেম্বৰ মাহত এক চুক্তি স্বাক্ষৰ কৰাৰ ওপৰতো আশা প্ৰকাশ কৰা হৈছে ৷

এক সাক্ষাৎকাৰত পাণ্ডেয়ে কয়, এক বিপুল জনসমৰ্থনেৰে জয় লাভ কৰা নৰেন্দ্ৰ মোডী সদায় নিজৰ উদ্যম পদক্ষেপৰ বাবে জনাজাত ৷ ইয়াৰ এক বিশেষ উদাহৰণ হৈছে ‘লুক ইষ্ট নীতি’ৰ বিপৰীতে ‘এক্ট ইষ্ট নীতি’ ৷

16 খন দেশৰ সদ্যস্যৰ আঞ্চলিক সমন্বিত অর্থনৈতিক অংশীদাৰিত্বৰ মূল উদ্দেশ্য হৈছে সামগ্ৰী, সেৱা, বিনিয়োগ, আৰ্থিক আৰু কাৰিকৰী আদি ক্ষেত্ৰত সহায়-সহযোগিতা কৰা ৷ এছিয়াৰ 10 খন দেশ ব্ৰুনেই, কম্বোদিয়া, ইণ্ডোনেছিয়া, লাওছ, মালয়েছিয়া, ম্যানমাৰ, দ্য ফিলিপাইনছ, ছিংগাপুৰ, থাইলেণ্ড আৰু ভিয়েটনাম থকাৰ লগতে ছয়খন স্বতন্ত্ৰ ব্যৱসায়িক অংশীদাৰিত্ব দেশ হৈছে অষ্ট্ৰেলিয়া, চীন, ভাৰত, জাপান, কোৰিয়া, নিউজিলেণ্ড ৷ এই চলিত বৰ্ষৰ মাৰ্চত সকলো সমস্যা সমূহ আঁতৰ কৰাৰ ক্ষেত্ৰত ভাৰত-চীনকে ধৰি এই গ্ৰুপৰ দেশ সমূহৰ মাজত এক মেগা-ট্ৰেড চুক্তি স্বাক্ষৰ কৰা হৈছিল ৷

উল্লেখ্য যে, 1991 চনত ভাৰতে অৰ্থনৈতিক ব্যৱস্থাক গতি দিয়াৰ বাবে বিদেশৰ সকলো লোকৰ বাবে অৰ্থব্যৱস্থা মুকুলি কৰাৰ লগতে বিশ্ব বাণিজ্য সংন্থাৰ সৈতে স্বাক্ষৰ কৰিছিল ৷ যাৰ পৰিণতিত তিনি দশকত অৰ্থব্যৱস্থাত যথেষ্ট অগ্ৰগতি দেখা পোৱা গৈছিল ৷

দুয়ো দেশৰ ব্যৱসায়িক নেতা দুজনে উল্লখ কৰে যে, ষ্টীল আদি দৰে চেক্টৰত নতুনকৈ ব্যৱসায় দিশত ক্ষীপ্ৰ গতিত আগবাঢ়িবলৈ চীনৰ সৈতে আলোচনা কৰাৰ দৰকাৰ ভাৰতক ৷ অৱশ্যে এই ক্ষেত্ৰত থকা প্ৰতিবন্ধক সমূহ আঁতৰোৱাৰ ক্ষেত্ৰত ৰাজনৈতিক হস্তক্ষেপৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে এই দুই নেতাই ৷ অৱশ্যে আঞ্চলিক সমন্বিত অর্থনৈতিক অংশীদাৰিত্ব অবিহনে অৰ্থনৈতিক ক্ষেত্ৰত তীব্ৰ গতিত আগবাঢ়ি যোৱা এছিয়াৰ বাকী দেশ সমূহৰ সৈতে ভাৰতৰ ঐকিকৰণ আধৰুৱা হৈ ৰব বুলি উল্লেখ কৰে ৷ আনহাতেআঞ্চলিক সমন্বিত অর্থনৈতিক অংশীদাৰিত্ব বিফলতা ভাৰতৰ বাবে এটা প্ৰজন্মই সুবিধাৰ পৰা বঞ্চিত হোৱাতকৈও তাতোকৈ বেছি হেৰুৱাব লাগিব বুলি এক সতৰ্কবাণী উল্লেখ কৰে ৷

ABOUT THE AUTHOR

...view details