ইন্টানেশ্যনেল ডেস্ক, 25 আগষ্টঃ বিদেশ ভ্ৰমণত থকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেওবাৰে বাহৰেইন স্থিত শ্ৰীনাথজী মন্দিৰলৈ যাব ৷ ইয়াৰ পিছতেই ফ্ৰাঞ্চৰ বিয়াহিট্জত অনুস্থিত হ’ব লগীয়া G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহন কৰিব ৷ ইয়াৰ পূৰ্বে শনিবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে RuPay কাৰ্ড মুকলি কৰিছিল আৰবত, য’ত তেওঁ মন্দিৰলৈ আগবঢ়োৱা প্ৰসাদ RuPay কাৰ্ডৰ জড়িয়তে ক্ৰয় কৰিছিল ৷
বাহৰেইন স্থিত শ্ৰীনাথজী মন্দিৰলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাহৰেইন স্থিত শ্ৰীনাথজী মন্দিৰলৈ যাব ৷ ইয়াৰ পিছতেই ফ্ৰাঞ্চৰ বিয়াহিট্জত অনুস্থিত হ’ব লগীয়া G7 শীৰ্ষ সন্মিলনত অংশগ্ৰহন কৰিব ৷
উল্লেখযোগ্য যে, বাহৰেইনত প্ৰধানমন্ত্ৰীগৰাকীক The King Hamad Order of the Renaissance সন্মান প্ৰদান কৰা হয় ৷ বাহৰেইনৰ ৰজা হমাদ বিন ইচা অ’ল খালিফক লগ ধৰা সময়ত এই সন্মান প্ৰদান কৰা হয় প্ৰধানমন্ত্ৰী গৰাকীক ৷ ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে বাহৰেইনত থকা 15,000 লোকৰ লগত মিলিত হয় ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ সময়ত কলা-কৃষ্টি, মহাকাশ বিজ্ঞান, ISA আৰু RuPay কাৰ্ড সম্বন্ধিয় কেইবাখনো বুজা বুজিৰ চুক্তি স্বাক্ষৰ কৰা হয় ৷
উল্লেখযোগ্য যে, ভাৰত স্বাধীন হোৱাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাহৰেইন ভ্ৰমণলৈ যোৱা প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী ৷