অসম

assam

ETV Bharat / international

দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী - দ্য ৰয়েল ইউনিভাৰ্চিটী অব ভূটান

দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । ভূটানৰ ৰাজপ্ৰসাদত তেওঁ মিলিত হয় দেশখনৰ জিগমে খেছৰ নামগ্যাল ৱাংচুক আৰু ভূটানৰ চতুৰ্থ ৰজা জিগমে ছিংগে ৱাংচুকৰ সৈতে

ভূটানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

By

Published : Aug 18, 2019, 11:53 AM IST

নিউজ ডেস্ক, 18 আগষ্টঃ ভাৰত-ভূটানৰ বাণিজ্যিক সম্পৰ্ক আৰু জলবিদ্যুৎ উৎপাদন ক্ষেত্ৰত ভাৰতৰ অধিক সহযোগিতাৰ লক্ষ্যৰে ভূটানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

ভূটানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

শনিবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ ভূটানত উপস্থিত হোৱাৰ পিছতে উষ্ম আদৰণি জনোৱা হয় প্ৰধানমন্ত্ৰীগৰাকীক ৷ইয়াৰ পাচতেই প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হয় ভূটানৰ ৰাজপ্ৰসাদত ৷

ভূটানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

তাত তেওঁ মিলিত হয় দেশখনৰ জিগমে খেছৰ নামগ্যাল ৱাংচুক আৰু ভূটানৰ চতুৰ্থ ৰজা জিগমে ছিংগে ৱাংচুকৰ সৈতে ৷

ভূটানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভূটানত উপস্থিত হৈ কয় যে ভূটানৰ দৰে দেশ এখনৰ বন্ধুত্ব আৰু উন্নয়নৰ অংশীদাৰ হ’বলৈ পাই ভাৰত গৌৰবাম্বিত ৷

ভূটানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণত শিক্ষা আৰু বিভিন্ন ক্ষেত্ৰত 10 খন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা সম্ভাৱনা আছে ৷

ভূটানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

ABOUT THE AUTHOR

...view details