অসম

assam

সামৰিক সন্মানেৰে ভূটানলৈ আদৰণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক

By

Published : Aug 17, 2019, 5:10 PM IST

দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত গৈ উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ ভূটানৰ পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভাৰতীয় বায়ুসেনাৰ বিশেষ বিমানেৰে গৈ উপস্থিত হোৱা প্ৰধানমন্ত্ৰীগৰাকীক গাৰ্ড অৱ অনাৰ প্ৰদান কৰে ৰয়েল আৰ্মী অৱ ভূটানে ৷

সামৰিক সন্মানেৰে ভূটানলৈ আদৰণি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক

নিউজ ডেস্ক, 17 আগষ্টঃ দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানৰ ৰাজধানী থিম্ফুত উপস্থিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক উন্নত কৰিবলৈ ভূটানত গৈ উপস্থিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী ৷

প্ৰধানমন্ত্ৰী মোডীক ভূটানলৈ স্বাগতম
গাৰ্ড অৱ অনাৰ গ্ৰহণৰত প্ৰধানমন্ত্ৰী মোডী

ভূটানৰ পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীক উষ্ম আদৰণি জনায় ভূটানৰ প্ৰধানমন্ত্ৰী ডাঃ লটে ছেৰিঙে ৷ বিমানবন্দৰতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক গাৰ্ড অৱ অনাৰ প্ৰদান কৰে ৰয়েল ভূটান আৰ্মীয়ে ৷

ভূটানৰ স্থানীয় লোকৰ সৈতে প্ৰধানমন্ত্ৰী মোডী
যাত্ৰাপথত ভাৰতীয় আৰু ভূটানী পতাকা লৈ এদল শিশু

পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ যাত্ৰাৰ সময়ত সমগ্ৰ পথচোৱাতে ভাৰত আৰু ভূটানৰ পতাকা জোকাৰি আদৰনি জনায় ভূটানৰ শিশুসকলে ৷ আনহাতে ভূটানত থকা ভাৰতীয় লোকসকলৰ সৈতে আলোচনাত মিলিত হয় ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী ৷

থিম্ফুত ভাৰতীয় লোকসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোডী

পৰৱৰ্তী সময়ত ভূটানৰ ৰজা ৰজা জিগমে খেছৰ নামগ্যাল ৱাংচুক আৰু জিগমে ছিংগে ৱাংচুক চতুৰ্থৰ সৈতে দেশখনৰ জনতাক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে ৷ আনহাতে জনতাক সম্বোধন কৰাৰ পিচতে ৰয়েল ইনিভাৰ্চিটি অৱ ভূটানত ছাত্ৰসমাজৰ আগত ভাষণ প্ৰদান কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ প্ৰধানমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণকালৰ সময়চোৱাত দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষা, জলবিদ্যুৎ আৰু শিক্ষাখণ্ডক লৈ 10খন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হ'ব ৷

ABOUT THE AUTHOR

...view details