ইণ্টাৰনেশ্যনেল ডেস্ক, 19 আগষ্ট : তালিবানে আফগানৰ দখল পুনৰ নিজৰ নিয়ন্ত্ৰণলৈ নিয়াৰ লগে লগে সমগ্ৰ ৰাষ্ট্ৰখনতে এক বিভীষিকাময় পৰিস্থিতিৰ উদ্ভৱ হৈছে ৷ ইয়াৰ সমান্তৰালকৈ অন্য ৰাষ্ট্ৰসমূহো আফগানিস্তানৰ লোকসকলক লৈ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে ৷ আফগানিস্তানৰ লোকসকলৰ বাবে বিশেষকৈ মহিলাসকলৰ অধিকাৰৰ বাবে উদ্বেগ প্ৰকাশ কৰি প্ৰায় দুই ডজন ৰাষ্ট্ৰই আফগানিস্তানৰ মহিলা আৰু ছোৱালীসকলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ আহ্বান জনাইছে ৷
বিশ্বৰ প্ৰায় দুই ডজন ৰাষ্ট্ৰৰ দ্বাৰা স্বাক্ষৰিত এক যুটীয়া বিবৃতি প্ৰকাশ কৰি US State Departmentএ আফগানৰ শাসনত থকাসকলক মহিলা আৰু ছোৱালীসকলক সুৰক্ষাৰ নিশ্চয়তা দিয়াৰ আহ্বান জনাইছে ৷ বুধবাৰে প্ৰকাশিত এই বিবৃতিত সংযুক্ত ৰাষ্ট্ৰ(United States), ব্ৰিটেইন(Britain), ইউৰোপীয় ইউনিয়ন(European Union) আৰু 18 খন দেশে স্বাক্ষৰ কৰিছিল ৷
লগতে পঢ়ক :তালিবানে বন্ধ কৰিলে ভাৰতৰ সৈতে সামগ্ৰীৰ আমদানি-ৰপ্তানি
বিবৃতিটোত উল্লেখ থকা অনুসৰি তালিবানৰ অধিগ্ৰহণৰ পৰিপ্ৰেক্ষিতত আফগান মহিলাসকলৰ শিক্ষা, কাম আৰু ঘূৰা-ফুৰাৰ অধিকাৰ(Afghan women's “rights to education, work and freedom of movement)ক লৈ স্বাক্ষৰকাৰীসকল গভীৰভাৱে চিন্তিত ৷