নিউজ ডেস্ক, 5 মাৰ্চ: হংকঙত পোহৰলৈ আহিছে এটা ভয়ানক খবৰ ৷ পোহৰলৈ আহিছে মানৱ দেহৰ পৰা জন্তুলৈ সংক্ৰমণ হোৱা প্ৰথমটো ঘটনা ৷ এই কথা সদৰি কৰিছে হংকঙ স্বাস্থ্য সংস্থাই ৷ প’মেৰিয়ান প্ৰজাতিৰ এটা ঘৰুৱা কুকুৰৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ বিজাণু ৷ বৰ্তমান কৃষি আৰু মীন বিভাগৰ সংৰক্ষণত ৰখা হৈছে কুকুৰটোক ৷
মানৱ দেহৰ পৰা জন্তুলৈ সংক্ৰমণ কোভিড-19 - হংকঙত মানৱ দেহৰ পৰা কুকুৰলৈ সংক্ৰমিত হ’ল ‘COVID-19’
পোহৰলৈ আহিছে মানৱ দেহৰ পৰা জন্তুলৈ সংক্ৰমণ হোৱা প্ৰথমটো ঘটনা ৷ হংকঙত মানৱ দেহৰ পৰা কুকুৰলৈ সংক্ৰমিত হ’ল ‘COVID-19’ ৷
হংকঙ স্বাস্থ্য সংস্থাৰ বিভাগে উল্লেখ কৰে যে, হংকঙ বিশ্ববিদ্যালয়, চিটি বিশ্ববিদ্যালয় আৰু জীৱ-জন্তুৰ বিশ্ব সংস্থাৰ যুটীয়া পৰ্যবেক্ষণৰ পাচতেই কুকুৰটোৰ দেহত মানৱ দেহৰ পৰাই অতি নিম্ন মানৰ এই ভাইৰাছৰ বীজাণু সংক্ৰমণ হোৱা বুলি নিশ্চিত কৰে ৷
ইয়াৰ পূৰ্বে কৰ’ণা ভাইৰাছত জন্তু সংক্ৰমণ হোৱাৰ কথাৰ প্ৰমাণিত হোৱা নাছিল ৷ এইয়াই প্ৰথমটো ঘটনা মানৱ দেহৰ পৰা জন্তুলৈ সংক্ৰমণ হোৱা ৷ যোৱা 25 ফেব্ৰুৱাৰীত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল কুকুৰটোক ৷ যোৱা মঙলবাৰ লৈকে হংকঙত কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা আছিল 100 গৰাকী লোক ৷