নিউজ ডেস্ক, ৩ ফেব্ৰুৱাৰী: ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰৰ নেতা আং ছান চ্যুকীক সেনা বাহিনীয়ে আটক কৰাৰ পাচত বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ সামৰিক অভ্যুত্থানৰ পাচত এতিয়া ম্যানমাৰত উত্তেজনা । দেশখনৰ সৰ্ববৃহৎ চহৰৰ একাংশ নাগৰিকে বাহনৰ হৰ্ণ বজাই ভিন্নধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল । ইয়াংগন চহৰৰ কেবাটাও চুবুৰীত আধা ঘন্টাজোৰা প্ৰতিবাদ সাব্যস্ত কৰে । মংগলবাৰে দেশখনৰ এগৰাকী জেষ্ঠ্য ৰাজনীতিবিদ তথা চ্যুকীৰ ঘনিষ্ঠ ৰাজনীতিবিদ এগৰাকীয়ে সেনাৰ এই অভ্যুত্থানৰ বাবে নাগৰিকসকলক আইন অমান্য কৰিবলৈ আহ্বান জনাইছিল ।
দেশখনৰ গণতন্ত্ৰৰ সমৰ্থক সকলে সেনা অভ্যুত্থানৰ বিৰুধীতাৰে নিশা ৮ বজাত নাগৰিকসকলক হুলস্থুল কৰিবলৈ আহ্বান জনায় । ম্যানমাৰত সেনাৰ অভ্যুত্থান কোনো নতুন কথা নহয় । যাৰবাবে দেশখন এতিয়াও দৰিদ্ৰতাৰ কৱলত । দেশৰ নাগৰিকসকলৰ ভৱিষ্যতৰ বাবে যথেষ্ঠ চিন্তিত বুলি মত ব্যক্ত কৰে নেতাগৰাকীয়ে ।
সোমবাৰে সেনাই ক্ষমতা দখল কৰাৰ সময়ত নৱেম্বৰত অনুষ্ঠিত নিৰ্বাচনত নিৰ্বাচিত শতাধীক বিধায়কক আটক নকৰাৰ তথ্য পোহৰলৈ আহিছে ৷ মংগলবাৰে চ্যুকীৰ দল নেশ্যনেল লীগ ফৰ ডেমক্ৰেচি দলৰ নেতা উইন হেটিনৰে ৰাজধানী নাপিতাউৰ এটা সৰু দলৰ সৈতে হোৱা আলোচনাত প্ৰকাশ পাইছে এই কথা ।